NORTHEAST NOW (Assamese)
অসম

দেশৰ সমান্তৰালকৈ অসমতো ১৮ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব বিজেপিৰ ‘গ্ৰাম স্বৰাজ অভিযান’

Posted by: এন ই নাও নিউজ April 13, 2018 1:52 pm
BJP Flags 750 1

১৮ এপ্ৰিলৰ পৰা সমগ্ৰ দেশযুৰি ভাৰতীয় জনতা পাৰ্টীয়ে গ্ৰাম স্বৰাজ অভিযান আৰম্ভ কৰাৰ সমান্তৰালকৈ অসমতো ৰাজ্যিক বিজেপিয়ে এই অভিযান সফল কৰি তুলিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আৰম্ভ কৰি বুথ পৰ্যায়ৰ সকলো নেতা-কৰ্মীয়ে গ্ৰাম স্বৰাজ অভিযান কাৰ্যসূচীত অংশ ল’ব।

অসমত এই অভিযান সফল কৰি তুলিবলৈ অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাৰ নেতৃত্বত এখন ৮ জনীয়া সমিতি গঠন কৰা হৈছে। সাতটা পৰ্যায়ত চলিবলগীয়া এই কাৰ্যসূচীত স্বচ্ছ ভাৰত পৰ্ব, উজ্জ্বলা পঞ্চায়তীৰাজ দিৱস, গ্ৰাম শক্তি অভিযান, আয়ুস্মান ভাৰত অভিযান, কিষাণ কল্যাণ কৰ্মশালা, আত্মসহায়ক গোট আৰু কৌশল বিকাশ মেলা অনুষ্ঠিত হ’ব।

এই কাৰ্যসূচী অনুসৰি ১৮ এপ্ৰিলত স্বচ্ছ ভাৰত কাৰ্যসূচীত ৰাজ্যিক কাৰ্যপ্ৰমুখ হিচাপে উপস্থিত থাকিব দলৰ ৰাজ্যিক উপ-সভাপতি তৌফিক ৰহমান আৰু বিধায়ক গুৰুজ্যোতি দাস।

২০ এপ্ৰিলত উজ্জ্বলা পঞ্চায়ত কাৰ্যসূচীত ৰাজ্যিক কাৰ্যক্ৰমপ্ৰমুখ হিচাপে দলৰ উপ-সভাপতি বিশ্বৰূপ ভট্টাচাৰ্য, মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী বিজুলী কলিতা মেধিয়ে অংশ ল’ব।

আনহাতে ২৪ এপ্ৰিলত হ’বলগীয়া পঞ্চায়তীৰাজ দিৱসত উপস্থিত থাকিব দলৰ ৰাজ্যিক উপ-সভাপতি বিমল ওচোৱান আৰু সম্পাদক কিশোৰ উপাধ্যায়।

২৮ এপ্ৰিলত হ’বলগীয়া গ্ৰাম শক্তি অভিযানত দলৰ ৰাজ্যিক উপ-সভাপতি লংকি ফাংছ’, সম্পাদক প্ৰদীপ বৰা, ৩০ এপ্ৰিলৰ আয়ুষ্মান ভাৰত অভিযান কাৰ্যসূচীত দলৰ উপ-সভাপতি মনোজ ৰাম ফুকন, সম্পাদক ৰাজীৱ শৰ্মাই ৰাজ্যিক কাৰ্যক্ৰমপ্ৰমুখ হিচাপে অংশ ল’ব।

২ মে’ত হ’বলগীয়া কিষাণ কল্যাণ কৰ্মশালাত ৰাজ্যিক কাৰ্যক্ৰমপ্ৰমুখ হিচাপে ৰাজ্যিক সম্পাদক ড০ অমিয় কুমাৰ ভূঞা আৰু কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰাণ কুমাৰ দাস আৰু  সেইদৰে ৫ মে’ত হ’বলগীয়া আত্মসহায়ক গোট আৰু কৌশল বিকাশ মেলাত দলৰ ৰাজ্যিক উপ-সভাপতি দিগন্ত ঘাটোৱাৰ আৰু সম্পাদক দীপ্লুৰঞ্জন শৰ্মাই ৰাজ্যিক কাৰ্যক্ৰমপ্ৰমুখ হিচাপে অংশগ্ৰহণ কৰিব।