NORTHEAST NOW (Assamese)

দৈয়াং চাহ বাগিচাত ১৭ দিনত ১৭ জন চাহ শ্ৰমিকৰ অচিন ৰোগত মৃত্যু

March 1, 2018 10:13 pm · এন ই নাও নিউজ

ৰাজ্যখনৰ গোলাঘাট জিলাৰ দৈয়াং চাহ বাগিচাত ১৭ দিনত ১৭ জনকৈ শ্ৰমিক কোনো অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে গোলাঘাট জিলাৰ দৈয়াং চাহ বাগিচাৰ ছুমাছিয়া আৰু টুঙী লাইনৰ শ্ৰমিক সকলক এই ঘটনাই আতংকিত কৰি তোলাৰ লগতে শ্ৰমিক সকলৰ মাজত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

বাগিচাখনৰ শ্ৰমিক সকল তীব্ৰ জ্বৰ, বমি, ব্লাড প্ৰেছাৰ, ডায়েৰীয়া আদি ৰোগত মৃত্যু হোৱা বুলি একাংশই জানিব দিয়ে।

কিন্তু আশ্চৰ্যজনকভাৱে বাগিচাখনৰ চিকিৎসক গৰাকীয়ে শ্ৰমিক সকলৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ধাৰ কৰাত ব্যৰ্থ হয়।

অঞ্চলটোৰ আন একাংশই প্ৰকাশ কৰা মতে বাগিচাখনৰ আশে পাশে থকা অবৈধ চুলাই মদৰ ঘাটিৰ চুলাই ভক্ষণ কৰাৰ বাবেই শ্ৰমিক সকল মৃত্যু মুখত পৰে।

গোলাঘাট জিলা উপায়ুক্তই এই সম্পৰ্কত আৱকাৰী বিভাগক বাগিচা অঞ্চলটোত থকা চুলাই ঘাটি বিলাকত অভিযান চলাই বন্ধ কৰাৰ বাবে নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে।

Related News