NORTHEAST NOW (Assamese)
অসম

দ্বিতীয় মহিলা ৰাষ্ট্ৰীয় বক্সিঙৰ বাবে অসমৰ দল ঘোষণা

Posted by: এন ই নাও নিউজ December 15, 2017 9:57 pm
অহা ৫ ৰ পৰা ১২ জানুৱাৰিলৈ ৰোহটকত অনুষ্ঠিত হ’ব লগীয়া দ্বিতীয় ছিনিয়’ৰ মহিলা ৰাষ্ট্ৰীয় বক্সিঙৰ বাবে অসমৰ দলটো আজি ঘোষণা কৰা হয়। অসম বক্সিং সংস্থাৰ এটা সূত্ৰই কয় যে অসমৰ দলটোত যথেষ্ট শক্তিশালী আৰু পদক জয়ৰ সম্ভাৱনা থকা খেলুৱৈৰে গঠন কৰা হৈছে। বক্সিং সংস্থাটোৰ বিষয়াসকলে কয় যে নিৰ্বাচিত ছোৱালীসকলৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত তেওঁলোক খুবেই আশাবাদী। খেলুৱৈসকলে বৰ্তমান কোকৰাঝাৰত থকা ছাই (SAI)ৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুশীলন চলাই আছে। এই অনুশীলন অহা ২ জানুৱাৰিলৈকে চলিব। দলটোৰ মেনেজাৰ হিচাপে মন্তু ইঞ্জালৰ নাম ঘোষণা কৰা হৈছে আৰু প্ৰশিক্ষক হিচাপে থাকিব ক্ৰমে গীতা চানু আৰু নাৱাজ হুছেইন খান। দলটোত ঠাই পোৱা খেলুৱৈসকলৰ নাম হ’ল : ৰিংকুমণি ফুকন (৪৮ কেজি), মঞ্জু বসুমতাৰী (৫১ কেজি), যমুনা বৰো (৫৪ কেজি), অঞ্জিমা খাখলাৰী (৫৭ কেজি), পিলাও বসুমতাৰী (৬০ কেজি), অঞ্জলী মুচাহাৰী (৬৪ কেজি), লাভলীনা বৰগোহাঁই (৬৯ কেজি), এলাৰী বৰো (৭৫ কেজি)।