NORTHEAST NOW (Assamese)
অসম

দ্বিতীয় মৃত্যু বাৰ্ষিকীত সাহিত্যাচাৰ্য্য মহিম বৰাক নগাঁও জিলা সাহিত্য সভাৰ শ্ৰদ্ধাঞ্জলি

Posted by: মিণ্টু দাস August 6, 2018 8:35 am
mahim bora.docx photo 1

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰঙা জিঞাৰ কবি, কাঠনিবাৰী ঘাটৰ স্রষ্টা সাহিত্যাচাৰ্য্য মহিম বৰাক দেওবাৰে নগাঁও জিলা সাহিত্য সভাই দ্বিতীয় মৃত্যু তিথিত গভীৰ শ্ৰদ্ধা নিৱেদন কৰে। বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত সভাত প্ৰথমে প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ভাৰপ্ৰাপ্ত সভাপতি নিত্যানন্দ বৰা আৰু প্ৰাক্তন উপ-সভাপতি ভৱেশ মেধিয়ে।

mahim bora.docx photo 2
সাহিত্যাচাৰ্য্য মহিম বৰালৈ নগাঁও সাহিত্যসভাৰ শ্ৰদ্ধাঞ্জলি। ফটো : নৰ্থইষ্ট নাও

জিলা সভাৰ সম্পাদক মৃণাল হাজৰিকাই আঁ‌ত ধৰা, প্ৰাক্তন সভাপতি ৰতিমোহন নাথে মাল্য অৰ্পণ কৰা অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক শিৱানন্দ কাকতি, প্ৰদীপ শইকীয়া, আৰতি মজুমদাৰ, মনোজ শৰ্মা, ড: থুনু কলিতা, ভূপেন্দ্ৰ নাথ হাজৰিকা, যতীন সূত, সাবিত্ৰী গগৈ, কাবেৰী মহন্তকে ধৰি প্ৰায় চাৰি কুৰি সাহিত্যনুৰাগীয়ে অংশ গ্ৰহণ কৰে।

বিশিষ্ট কথাশিল্পী মহিম বৰাৰ স্মৃতিচাৰণ কৰি বিশিষ্ট লেখক থগিত মহন্তই সাহিত্যিকগৰাকীৰ অসমীয়া সাহিত্যলৈ যি অৱদান সেয়া গভীৰভাৱে স্মৰণ কৰে। তেওঁ ভাষণ প্ৰসংগত ৰঙা জিঞাৰ কবিগৰাকীৰ সৃষ্টি কাঠনিবাৰী ঘাটৰ পৰা আৰম্ভ কৰি এধানী মাহীৰ হাঁহি লৈকে সামৰি কয় যে সাহিত্যিকগৰাকীৰ লিখনিত একোটা সৰল বিশ্বাস আৰু মানৱতাবাদী মঙ্গলময় ভাৱনাৰ প্ৰকাশ বিৰাজমান।

স্মৃতিচাৰণ অনুষ্ঠানৰ পাছতে জিলা সভাৰ মাহেকীয়া সাহিত্য পাঠৰ অনুষ্ঠান আৰম্ভ হয়। সাহিত্য পাঠৰ অনুষ্ঠান জিলা সভাই সাহিত্যিক মহিম বৰাৰ স্মৃতিত উৎসৰ্গা কৰি নমস্য  ব্যক্তি গৰাকীলৈ গভীৰ শ্ৰদ্ধা নিৱেদন কৰে। উল্লেখযোগ্য যে, সাহিত্য অনুষ্ঠানত বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে পৰ্যালোচকৰ আসন গ্ৰহণ কৰে।