NORTHEAST NOW (Assamese)
অসম

ড্ৰাগচ, চুৰি ম’বাইল, লেপটপ, কেবালাখো টকা জব্দ দৰং আৰক্ষীৰ

Posted by: ময়ূখ গোস্বামী January 30, 2018 6:27 pm
Youths held with heroine

দৰং আৰক্ষীয়ে বিপুল পৰিমাণৰ হিৰইন ড্ৰাগচ, দুটা চুৰি লেপটপ, ৫ টা চুৰি ম’বাইল আৰু কেবালাখো টকা জব্দ কৰিবলৈ সক্ষম হৈছে।

গোপন সূত্ৰৰ আধাৰত দৰং আৰক্ষীয়ে কিৰাকাৰা গাঁৱৰ চিদ্দিক চিদ্দিক (২৫ বছৰ) আৰু ধলপুৰ গাঁৱৰ ৱাহিদ ইছলাম (১৯ বছৰ)ৰ বাসগৃ্হত তালাচী চলাই কালি সামগ্ৰীখিনি জব্দ কৰিবলৈ সক্ষম হয়।

দৰঙৰ আৰক্ষী অধীক্ষক শ্ৰীজিথ থিৰাভিয়ামে এন ই নাওক জনোৱা মতে যুৱক দুজনক Narcotic Drugs and Psychotropic Substances Act, 1985ৰ অধীনত গ্ৰেপ্তাৰ কৰিছে।

তেওঁ লগতে জনাই যে দুয়োজন যুৱককে আজি আদালতত হাজিৰ কৰোৱাৰ পিছত দুয়োকে আদালতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।