NORTHEAST NOW (Assamese)
অসম

দয়া নাথ সিঙৰ প্ৰতি মহানগৰীৰ সাংবাদিক মহলৰ গভীৰ শ্ৰদ্ধাঞ্জলি

Posted by: এন ই নাও নিউজ January 31, 2018 5:05 pm
Tribute to Daya Nath Singh

সদ্যপ্ৰয়াত জ্যেষ্ঠ সাংবাদিক দয়া নাথ সিঙৰ স্মৃতিত মহানগৰীৰ সাংবাদিক মহলে আজি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত স্মৃতিচাৰন সভাত প্ৰেছ ক্লাবৰ সভাপতি সঞ্জীৱ ফুকন আৰু সম্পাদক নৱ ঠাকুৰীয়াই প্ৰায় পোন্ধৰ বছৰ প্ৰেছ ক্লাবৰ কাৰ্যালয় সচিব ৰুপে কাৰ্যনিৰ্বাহ কৰা সিঙৰ কৰ্মদক্ষতা আৰু এগৰাকী সৎ, সাহসী আৰু সৰবৰহী সাংবাদিক ৰুপে ৮৩ বছৰীয়া জীৱনৰ অন্তিম দিনলৈকেও সংবাদ সেৱাত নিজকে উছৰ্গিত কৰি যোৱা অৱদানক শ্ৰদ্ধাৰে সোঁৱৰে।

সভাত জ্যেষ্ঠ সাংবাদিক ৰমাশংকৰ ৰায়কে ধৰি অপূৰ্ব কুমাৰ দাস, ৰণেন কুমাৰ গোস্বামী, ৰূপম বৰুৱায়ো সিঙৰ সৈতে দীৰ্ঘদিনীয়া সাংবাদিক জীৱনৰ অভিজ্ঞতাৰ স্মৃতিচাৰন কৰে।

দয়া নাথ সিঙৰ সান্নিধ্যৰ নানা দিশ সুঁৱৰি প্ৰাণতোষ ৰায়, ড০ জগদীন্দ্ৰ ৰায় চৌধুৰী, জেছিম ৰাজা, ৰামন বৰা, অনুপমা ডেকা, ৰঞ্জিতা ৰাভা, সঞ্জীৱ দাস আৰু বিপুল শৰ্মাই বক্তব্য আগবঢ়ায়।

সিঙৰ কণিষ্ঠা কন্যা পুজা সিঙেও সভাত উপস্থিত থাকি পিতৃৰ স্মৃতিত শ্ৰদ্ধা তৰ্পন কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ প্ৰতি সমবেদনা আৰু সহায় সহযোগিতা আগবঢ়োৱা সাংবাদিক মহলৰ সকলোৰে প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।