NORTHEAST NOW (Assamese)

দৰং আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ ঔষধৰ লগতে নিচাজাতীয় সমগ্ৰী

March 23, 2018 9:24 am · ময়ুখ গোস্বামী
প্ৰতিনিধিত্বমূলক চিত্ৰ

অবৈধ ঔষধ আৰু নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হ’ল দৰং আৰক্ষী। বৃহস্পতিবাৰে দৰং আৰক্ষীয়ে অবৈধ তথা চোৰাং ঔষধৰ বিৰুদ্ধে এক অভিযান চলায় বৃহৎ পৰিমানৰ নিষিদ্ধঘোষিত ঔষধ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(ডি এছ পি) অমিত হোজাইৰ নেতৃত্বত কালি ধূলা আৰক্ষীৰ সহযোগত যোৱা এটা দলে জিলাখনৰ বলোগঢ়া গাঁৱৰ তাহিৰ আলীৰ বাসগৃহ চৌহদত চলোৱা অভিযানত বৃহৎ পৰিমানৰ অবৈধ ঔষধৰ লগতে নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা নিচাজাতীয় সামগ্ৰীখিনি ব

তাহিৰ আলীৰ বাসগৃহৰ পৰা ড্ৰাগছ জাতীয় সামগ্ৰী উদ্ধাৰ কৰাৰ উপৰি ‘নিট্ৰোছেন ১০’ কোম্পানীৰ বৃহৎ পৰিমানৰ শ্লীপিং টেবলেটো জব্দ কৰিবলৈ সক্ষম হোৱা বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে। উল্লেখ্য যে  আলীয়ে ড্ৰাগছ জাতীয় সামগ্ৰীখিনি অতি চতুৰভাৱে ক্ষুদ্ৰ ক্ষুদ্ৰ আইনাৰ বটলত লুকুৱাই ৰাখিছিল।

আনহাতে আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি জব্দ কৰা সামগ্ৰীখিনি ফৰেনছিক লেবৰটৰীত পঠোৱা হৈছে আৰু ফৰেনছিকৰ তথ্য পোৱাৰ পাছতহে জব্দ কৰা পদাৰ্থখিনি কি সেয়া পোহৰলৈ আহিব।

উল্লেখ্য যে মুখ্য অপৰাধী তাহিৰ আলী আৰক্ষীৰ পৰা পলায় যাবলৈ সক্ষম হোৱা বুলিও আৰক্ষীয়ে সদৰী কৰে। আনহাতে আৰক্ষীয়ে এই সন্দৰ্ভত আলীক কৰায়ত্ত কৰিবলৈ তদন্ত অব্যাহত ৰখা বুলিও জানিবলৈ দিয়ে।

Related News