NORTHEAST NOW (Assamese)

দৰং জিলাৰ ছিপাঝাৰ উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা ধ্ৰুৱজ্যোতি বৰুৱাক নিলম্বন

February 28, 2018 10:36 pm · ময়ুখ গোস্বামী

দৰং জিলাৰ ছিপাঝাৰ উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা ধ্ৰুৱজ্যোতি বৰুৱাক দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগত নিলম্বিত কৰা হয়।

প্ৰাপ্ত তথ্য মতে অসম চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগৰ এক আদেশ যোগে মঙলবাৰে কনিষ্ঠ অভিযন্তা ধ্ৰুৱজ্যোতি বৰুৱাক নিলম্বিত কৰা হয়। হাজৰিকাপাৰা গাঁও পঞ্চায়তৰ ক্ষেত্ৰ উন্নয়নমূলক নিৰ্মাণ কমিটিৰ সদস্য হিচাপে থকা অৱস্থাত ধ্ৰুৱজ্যোতি বৰুৱাই বিভাগীয় পুঁজিৰ অপব্যৱহাৰ কৰা বুলি এক অভিযোগ উত্থাপিত হৈছিল। ফলত উক্ত অভিযোগৰ ভিত্তিত এক তদন্ত হৈছিল আৰু তদন্তৰ প্ৰতিবেদন অনুসৰি বৰুৱাক নিলম্বিত কৰা হয় বুলি জানিব পৰা গৈছে।

১৩ সংখ্যক বিত্ত আয়োগৰ অধীনত দৰং জিলা পৰিষদৰ দ্বাৰা হাজৰিকাপাৰা গাঁও পঞ্চায়তলৈ উন্নয়নমূলক কাৰ্যৰ বাবে পুঁজি যোগান ধৰিছিল।

উল্লেখযোগ্য যে দৰং জিলা পৰিষদখন শেহতীয়াকৈ দুৰ্নীতিত পোত খোৱা বুলি স্থানীয় ৰাইজৰ মাজত চৰ্চা চলি আহিছে। শেহতীয়াকৈ জিলা পৰিষদৰ সভানেত্ৰী দিপালী দেকাই আৰক্ষী থানাত এক কোটি টকা পুঁজিৰ অপব্যৱহাৰ হোৱা বুলি গোচৰ ৰুজু কৰে।

Related News