NORTHEAST NOW (Assamese)
অসম

দৰমহা বৃদ্ধিৰ দাবীত সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ প্ৰতিবাদ

Posted by: কল্পজ্যোতি শইকীয়া February 21, 2018 2:52 pm
মধ্যাহ্ন

অসমৰ প্ৰাথমিক তথা উচ্চ প্ৰাথমিক বিদ্যালয় সমূহত ২০০৫ চনৰ পৰা কাৰ্য্যকৰী হোৱা মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত কৰ্মৰত ৰান্ধনী সকলে আজি দিছপুৰ লাষ্টগেটত দৰমহা বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

 সন্থাৰ সভাপতি জীতেন ৰাভাই নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়ে যে ‘বৰ্তমান ৰান্ধনী কৰ্মচাৰী সকলে দিনটোৰ ৫-৬ ঘন্টা পৰিশ্ৰম কৰি সামান্য ১০০০ টকাকৈ মাননি লাভ কৰি আহিছে। কিন্তু এই ধনেৰে বৰ্তমান সময়ত এটা পৰিয়াল চলোৱাটো অসম্ভৱ।”

 তদুপৰি ৰাভাই এই মজুৰিৰ পৰিমাণ ৫০০০ টকালৈ বৃদ্ধি কৰিবৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বায়িত্বত থকা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।

তেওঁ প্ৰকাশ কৰা মতে ‘চৰকাৰে ১২ মাহৰ ১০ মাহৰ দৰমহাহে ৰান্ধনীসকলক প্ৰদান কৰে। জুলাই আৰু ডিচেম্বৰ মাহৰ দৰমহা ৰান্ধনীসকলে লাভ নকৰে।’

 এই সন্দৰ্ভত ৰাভাই দাবী জনাই কয়  ‘এই দুটা মাহৰ দৰমহাৰ যাতে ৰান্ধনী কৰ্মচাৰীসকলে লাভ কৰে তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ চৰকাৰক আহ্বান জনাইছো।’

 এই প্ৰতিবাদ চলি থকা সময়তে জিলা দণ্ডাধীশ প্ৰতিবাদস্থলীত উপস্থিত হৈ তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ গ্ৰহণ কৰি এই বিষয়ে শিক্ষাবিভাগৰ সৈতে আলোচনা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।

 এই প্ৰতিবাদত সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ সৈতে গোৱালপাৰা জিলা, মৰিগাঁও, নগাঁও, কামৰূপ মেট্ৰ’, গোলাঘাট আৰু ওদালগুৰি জিলাৰ যৌথ কমিটিয়েও অংশগ্ৰহণ কৰে।

 প্ৰতিবাদকাৰী সকলে ধৰ্ণাৰ অন্তত সচিবালয়ৰ মুখ্যসচিবক সাক্ষাৎ কৰি পাঁচটা দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে।