NORTHEAST NOW (Assamese)
অসম

ধোদৰ আলিত ভয়ংকৰ পথ দুৰ্ঘটনা

Posted by: সুৰেণ বুঢ়াগোঁহাই December 11, 2017 11:05 am

চৰাইদেউ জিলাৰ চৰাইপুং আৰক্ষী থানাৰ অন্তৰ্গত ধনেখনা চাহবাগিচা কাৰ্যালয়ৰ সন্মুখত  কালি সন্ধিয়া প্ৰায় ৫ বজাত ধোদৰ আলিৰ ওপৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । কোনো অচিনাক্ত বাইক আৰোহীয়ে ২ নং মৰাণহাবি গাৱঁ‌ৰ বগা ভূমিজ নামৰ এজন ব্যক্তিক মহতিয়াই দুৰ্ঘটনা সংঘটিত কৰি সেই ঠাইৰ পৰা পলায়ন কৰে ।

দুৰ্ঘটনাস্থলীত উপস্থিত হৈ চৰাইপুং আৰক্ষী থানাই ঘটনাস্থলীতে নিহত হোৱা  জনক ২ নং মৰাণহাবি গাৱঁ‌ৰ বগা ভূমিজ বুলি চিনাক্ত কৰে ।

অনুমান কৰা মতে ভূমিজে ধোদৰ আলি পথেৰে ব্যক্তিগত কামত ওলাই যাওঁতে পথৰ দাঁতিৰে গৈ থকা অৱস্থাত তীব্ৰ বেগী বাইকখনে খুন্দিয়াই পেলাই থৈ যায়। সেই সময়ত ওচৰে পাজৰে মানুহৰ সমাগম নথকাৰ বাবে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই বাইক আৰোহী পলাই যাবলৈ সক্ষম হয়।