NORTHEAST NOW (Assamese)

‘ধৰ্ষণকাৰী পেমা খান্দু !’ : মুখ্য মন্ত্ৰীকে ধৰি তিনিজনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ অৰুণাচলী মহিলাৰ

February 15, 2018 11:17 pm · ৰাজীব ৰয়
Updated: February 15, 2018 11:18 pm
পেমা খান্দু

অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খান্দুৰ বিৰুদ্ধে উঠিছে ধৰ্ষণৰ বিস্ফোৰক অভিযোগ।

অৰুণাচলৰ পশ্চিম চিয়াং জিলাৰ এগৰাকী মহিলাই ৰাষ্ট্ৰীয় মহিলা আয়োগত আজি পেমা খান্দু আৰু অন্য দুজন লোকে তেওঁক ধৰ্ষণ কৰা বুলি অভিযোগ দাখিল কৰিছে।

অভিযোগকাৰীৰ উকীল ৰশ্মি ভাতিয়ে নতুন দিল্লীত কয়, ‘মোৰ মক্কেলে মুখ্য মন্ত্ৰী পেমা খান্দুৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে। এইটো ২০০৮ চনৰ ঘটনা। আৰক্ষী আৰু আদালতৰ কাষ চপা সত্বেও তেওঁৰ অভিযোগ পঞ্জীয়ন নকৰিলে। আমি মহিলা আয়োগক তেওঁৰ অভিযোগটো দাখিল কৰিছো।’

মহিলাগৰাকীয়ে ২০০৮ চনত বৰ্তমানৰ মুখ্য মন্ত্ৰী খান্দুকে ধৰি তিনিজন লোকে তেওঁক দলবদ্ধ ধৰ্ষণ কৰা বুলি অভিযোগ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।

মহিলাগৰাকীয়ে খান্দু, টাৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ফুৰ্পা লামা থুম্পিন তাচি আৰু দৰ্জি ৱাঞ্চুৰ বিৰুদ্ধে ২০০৮ চনৰ জুলাইত তেওঁক ধৰ্ষণ কৰা বুলি অভিযোগ কৰিছে।

অভিযোগকাৰীগৰাকীয়ে কয় যে ইটানগৰ আৰক্ষী থানালৈ খান্দুৰ বিৰুদ্ধে গোচৰ দিবলৈ আহিবলৈ সাহস গোটোৱাৰ পূৰ্বে তেওঁ দীৰ্ঘদিন ধৰি তীব্ৰ মানসিক যন্ত্ৰণা ভুঞ্জিছিল।

অভিযোগকাৰীগৰাকীয়ে জনোৱা মতে তেওঁৰ ঘৰ অৰুণাচলৰ পশ্চিম চিয়াং জিলাৰ দৰ্জেলিং গাঁৱত আৰু টাৱাঙলে তেওঁ চাকৰি বিচাৰি আহিছিলে।

মহিলাগৰাকীয়ে দাবী কৰা মতে প্ৰথমে তেওঁ থুৰ্পা লামাৰ সংস্পৰ্শলৈ আহে। লামাই তেওঁক টাৱাং আৱৰ্ত ভৱনত ‘কেইজনমান শক্তিশালী ব্যক্তিক’ লগ কৰিবলৈ মাতে। আয়োগক দিয়া অভিযোগত মহিলাগৰাকীয়ে দাবী কৰে যে তেওঁক ঠাণ্ডা পানীয়ৰ সৈতে নিচাযুক্ত কিবা দ্ৰব্য মিহলাই খাবলৈ দিয়াত তেওঁ অচেতন হৈ পৰে।

তেওঁ জনোৱা অনুসৰি ‘মোক তিনিজন লোকে ধৰ্ষণ কৰে। মই জ্ঞান ঘূৰাই পাই এজন লোকে মোক ধৰ্ষণ কৰি থকা দেখো। তেওঁ নিজকে কৰ্নেল পেমা খান্দু বুলি চিনাকি দিছিল। মই বাধা দিয়াৰ চেষ্টা কৰাত তেওঁ মোক জোৰেৰে চৰ শোধায়।’

মহিলাগৰাকীয়ে খান্দু আৰু তেওঁৰ সতীৰ্থ কেইজনৰ বিৰুদ্ধে অভিযোগ কৰাৰ বাবে সাহস গোটাবলৈ তেওঁক বহু দিন লগা বুলি সদৰী কৰে।

Related News