NORTHEAST NOW (Assamese)
অসম

নগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাংবাদিকৰ অৱস্থান ধৰ্মঘট

Posted by: মিণ্টু দাস May 24, 2018 5:22 pm
journalist protest against citizenship bill

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বলবৎ কৰাৰ বাবে যি চক্ৰান্ত ৰচিছে তাৰ বিৰুদ্ধে আজি নগাঁও জিলাৰ সাংবাদিকসকলে অৱস্থান ধৰ্মঘটৰে প্ৰতিবাদ কাৰ্যসূচী পালন কৰে। সমগ্ৰ জিলাখনৰ কৰ্মৰত সাংবাদিকসকলে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত আজি পুৱা ১১ বজাৰ পৰা দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

ধৰ্মঘট কাৰ্যসূচীৰ পাছতে সাংবাদিকসকলে জিলা প্ৰশাসনৰ জৰিয়তে মুখ্য মন্ত্ৰী আৰু ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। জিলা প্ৰশাসনৰ হৈ জিলা অতিৰিক্ত উপায়ুক্ত ৰিংকু বড়োৱে স্মাৰক পত্ৰ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী আৰু ৰাজ্যপাললৈ প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

memorendun given by journalist

”শেহতীয়া কেন্দ্ৰীয় চৰকাৰে সংশোধনী বিধেয়ক, ২০১৬ বলবৎ কৰা কাৰ্যক নগাঁও জিলাত কৰ্মৰত সকলো সংবাদ কৰ্মীয়ে তীব্ৰ বিৰোধিতা কৰিছো। অসমৰ ভাষা-সাহিত্য-সংস্কৃতি তথা জাতীয় সত্বাৰ প্ৰতি ভাবুকি সদৃশ উক্ত বিধেয়কখন অসম আৰু অসমীয়াৰ নিশ্চিতভাৱে পৰিপন্থী বুলি গণ্য কৰিছো। যদি উক্ত বিধেয়কখন বলবৎ হয় তেন্তে কালৰ বুকুত অসমীয়াৰ অস্তিত্ব হেৰাই যোৱাৰ সম্ভাৱনাই অধিক। সেয়েহে উক্ত বিধেয়কখন যাতে অসমত বলবৎ নহয় তাৰ বাবে আপুনি এক বলিষ্ঠ পদক্ষেপ তথা কাৰ্যপন্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিলো।” স্মাৰক পত্ৰখনত এই কথা উল্লেখ কৰে।

আপকু নগাঁও জিলা সমিতি, নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ’চিয়েশ্যন, নগাঁও জিলা বাৰ্তাজীৱী সংঘ, সদৌ নগাঁও জিলা সাংবাদিক সন্থা, জুৱা নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু জিলাখনৰ কলিয়াবৰ, ৰহা, কামপুৰ, পুৰণিগুদাম, চামগুৰি, বঢ়মপুৰ, বেবেজীয়া, ধিং, বটদ্ৰৱা, ৰূপহীহাট, জাজৰি, জুৰীয়াৰ প্ৰায় শতাধিক সাংবাদিকে যৌথভাৱে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখা যায়।