NORTHEAST NOW (Assamese)

নগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত জনগোষ্ঠীয় সংগঠনৰ ধৰ্মঘট

May 26, 2018 12:38 pm · মিন্টূ দাস

সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাতো নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। জিলাখনৰ কেইবাটাও জনগোষ্ঠীয় সংগঠনে শুকুৰবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

উক্ত কাৰ্যসুচীত প্ৰতিবাদকাৰীসকলে ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক’, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হুঁ‌চিয়াৰ’, ‘সৰ্বানন্দ সোণোৱাল হায় হায়’ আদি ধ্বনি দি সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে।

এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ট্ৰাইবেল সংঘ, সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ বড়ো ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতি, সদৌ তিৱা মহিলা সংস্থা, তিৱা যুৱ পৰিষদ, তিৱা কালচাৰেল ছ’চাইটিৰ লগতে নগাঁও জিলা কাৰ্বি ছাত্ৰ সংস্থা, নগাঁও জিলা কাৰ্বি সংস্থা আৰু সদৌ অসম গাৰো সংস্থা আদি সংগঠনে  অংশগ্ৰহণ কৰে।

এই ধৰ্মঘট কাৰ্যসূচীত আছু, যুৱ ছাত্ৰ পৰিষদ, মাছ, আদিবাসী জাতীয় মহাসংঘ, টাই আহোম ছাত্ৰ সন্থা আদিৰ প্ৰতিনিধিকে ধৰি বহু নাগৰিকে অংশগ্ৰহণ কৰে।

কাৰ্যসূচীৰ অন্তত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে সংসদীয় যুটীয়া সমিতিৰ অধ্যক্ষলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।

Related News