NORTHEAST NOW (Assamese)
অসম

নগাঁৱত হৃদয়বিদাৰক ঘটনা : পাষাণ পুত্ৰই মমতাময়ী মাতৃক দলিয়ালে কলঙত

Posted by: মিণ্টু দাস August 9, 2018 7:30 pm
nagaon kalang news.docx photo

মাতৃ স্নেহেও পাষাণ পুত্ৰৰ হৃদয় গলাব নোৱাৰে। মমতাময়ী মাতৃক নদীলৈ নিক্ষেপ কৰিবলৈকো কুণ্ঠাবোধ নকৰে। এইখন অসমৰে নগাঁৱত সংঘটিত হোৱা এক হৃদয়বিদাৰক ঘটনাই সমগ্ৰ নগাঁও জিলাতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, নগাঁও চহৰৰ মাজমজিয়া মাৰোৱাৰী পট্টিৰ প্ৰমোদ আগৰৱালা নামৰ পাষণ্ড পুত্ৰজনে বুধবাৰে নিশা নিজ মাতৃক কলঙৰ পানীত পেলাই দিয়ে। ৰত্না আগৰৱালা নামৰ মহিলাগৰাকীৰ অসুস্থতাৰ অজুহাততে পাষাণ পুত্ৰই কলঙত দলিয়াই দিয়ে। দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ থকাৰ বাবে মাতৃক এইদৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়ে পাষাণ পুত্ৰই।

ৰত্না আগৰৱালা
পুত্ৰৰ নিষ্ঠুৰতাৰ বলি দুৰ্ভগীয়া মাতৃ ৰত্না আগৰৱালা। ফটো : নৰ্থইষ্ট নাও

জন্মদাত্ৰী মাতৃক কলঙত পেলাই দিয়াৰ পাছতেই আৰক্ষীয়ে আটক কৰা প্ৰমোদ আগৰৱালাই নিজ মুখে এই কথা প্ৰকাশ কৰিছে। বৃদ্ধা মাতৃগৰাকীক উদ্ধাৰৰ বাবে এছ ডি আৰ এফ বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো শুংসূত্ৰ লাভ কৰা নাই।

শিৱসাগৰৰ দেৱাশিস খাৰঘৰীয়াই নিজ পিতৃ-মাতৃক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ পাছত, নগাঁৱৰ এই ঘটনাই ভবাই তুলিছে প্ৰতিজন হৃদয়বান লোকক।

আনহাতে, কিমান পাষাণ অথবা নিষ্ঠুৰ হ’লে এজন পুত্ৰই নিজ মাতৃক দলিয়াই দিব পাৰে নদীৰ বুকুত, এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। ইয়াৰোপৰি জন্মদাতা পিতৃ-মাতৃৰ বিৰুদ্ধে সন্তানৰ এনে অত্যাচাৰ আৰু কিমান দিনলৈ চলিব নে বৃদ্ধাশ্ৰম অথবা মৃত্যুৱেই শেষ পৰিণতি হ’ব বুলিও সচেতন মহলত সৰৱ আলোচনা হৈছে।