NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ উৰিয়াগাঁও বাইপাচত সংঘটিত পথ দুৰ্ঘটনাত এজন শিক্ষক নিহত

Posted by: মিণ্টু দাস July 6, 2018 7:39 am
accident-570x320

নগাঁও চহৰৰ সমীপৱৰ্তী উৰিয়াগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাচত বৃহস্পতিবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনা সংঘটিত হয়। কৰুণ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন লোক।  আৰু এই নিহত লোকজন নগাঁও চহৰৰ ডিমৰুগুৰি কেঁচা আলিৰ  ৰিপুঞ্জয় দেৱগোস্বামী বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, লোকজনে পুৰণিগুদামৰ দিশৰ পৰা ডিমৰুগুৰিৰ ঘৰৰ দিশে এ এচ ০২ এফ ৭৭৫০ নম্বৰৰ এখন মটৰ চাইকেলেৰে আহি আছিল। তেনে সময়ত বাইক আৰোহীজনক পিছ ফালৰ পৰা অহা এখন এ এচ ০৯ চি ৬৭০৪ নম্বৰৰ ট্ৰাকে প্ৰচণ্ড জোৰত খুন্দা মাৰে, ফলত লোকজন থিতাতে মৃত্যুবৰণ কৰে।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখনে ঘটনাস্থলীৰ পৰা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পলাই যাবলৈ চেষ্টা চলায়। কিন্তু আৰক্ষীৰ তৎপৰতাত ট্ৰাকখনক ননৈত কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

আনহাতে, দুৰ্ঘটনাটোত নিহত ৰিপুঞ্জয় দেৱগোস্বামী নামৰ লোকজন পেচাত এজন শিক্ষক আছিল বুলি জানিব পৰা গৈছে।