NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ চৰাইবাহী বিদ্যুৎ উপসংমণ্ডলৰ অন্তৰ্গত কুজিসত্ৰত ৪ দিন ধৰি বিদ্যুৎ ব্যাহত

Posted by: এন ই নাও নিউজ April 28, 2018 11:11 pm
বিদ্যুৎ

নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিমপ্ৰান্তৰ তথা চৰাইবাহী বিদ্যুৎ উপসংমণ্ডলৰ অধীনস্থ কুঁজিসত্ৰত আজি ৪ দিন ধৰি বিদ্যুত সেৱা ব্যাহত হৈ থকাত স্থানীয় ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে ঐতিহাসিক কুঁজিসত্ৰলৈ যোৱা মুখ্যদ্বাৰৰ সমীপতে থকা এটা বিদ্যুতৰ খুঁটা যোৱা ২৫ এপ্ৰিলৰ বিয়লি অহা এজাক ধুমুহাত ভাগি পৰাৰ ফলত আজি ৪ দিন ধৰি অঞ্চলটোত বিদ্যুৎ সেৱা বন্ধ হৈ আছে।

যাৰ ফলত বিদ্যুত সেৱা বন্ধ হৈ থকাৰ বাবে অঞ্চলটোৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ব্যৱসায় প্ৰতিষ্ঠান আৰু সৰ্বসাধাৰণ ৰাইজে বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব লগীয়া হৈছে।

ইতিমধ্যে বিদ্যুৎ সেৱা ব্যাহত হৈ থকা ঘটনা সন্দৰ্ভত ভুক্তভোগী ৰাইজে সংশ্লিষ্ট চৰাইবাহী বিদ্যুৎ সংমণ্ডলক অৱগত কৰিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ফলত স্থানীয় ৰাইজে শীঘ্ৰে অঞ্চলটোত এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।