NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ ধিং গেটত নৱজাতক শিশুৰ মৃতদেহ পেলোৱা অৱস্থাত কৰায়ত্ত দুজনক

Posted by: এন ই নাও নিউজ January 27, 2018 10:41 am

নগাঁৱৰ ধিং গেটৰ সমীপৰ জাৱৰৰ দৌমত এটি নৱজাতক শিশুৰ মৃতদেহ দুজন ব্যক্তিয়ে পেলাবা খোজা অৱস্থাত স্থানীয় ৰাইজে কৰায়ত্ত কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে।

আটকাধীন ব্যক্তি কেইজন ফিৰদুছ আৰু সৰস্বতী বৰা বুলি চিনাক্ত কৰা হৈছে। স্থানীয় ৰাইজে আটক কৰা এই ফিৰদুছ আৰু সৰস্বতী বৰাক হইবৰগাঁও আৰক্ষী চকীত চমজাই দিয়ে।

জানিব পৰা মতে এই নিষ্ঠুৰ মনৰ অধিকাৰী এই অপৰাধী কেইজনে উক্ত নৱজাতক শিশুটিৰ মৃতদেহটো নগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা আনিছিল। আটকাধীন ফিৰদুছে সাংবাদিকক জানিবলৈ দিয়া মতে এই নৱজাতক শিশুটি তেওঁ লওঁতে মৃত অৱস্থাতে আছিল। যাৰ ফলত চিকিৎসালয়খনৰ নাৰ্ছে তেওঁক নৱজাতক শিশুটিক জাৱৰৰ দ’মত পেলাই দিবলৈ কৈছিল।

অঞ্চলটোৰ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে আজি কিছুদিনৰ পৰা এই ঠাইত মাজে মাজে এনেদৰে নৱজাতক শিশুৰ মৃতদেহ উদ্ধাৰৰ ঘটনা সংঘটিত হৈ আহিছে।