NORTHEAST NOW (Assamese)
অসম

নগাওঁ জাজৰিৰ আমতলা গজলা সত্ৰৰ সত্ৰাধিকাৰ, প্ৰবীণ শিল্পী ৰুদ্ৰকান্ত মহন্তৰ দেহাৱসান

Posted by: কল্পজ্যোতি শইকীয়া April 17, 2018 10:39 pm

নগাওঁ জিলাৰ জাজৰিৰ ঐতিহাসিক আমতলা গজলা সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰীয়া সংস্কৃতিৰ সাধক তথা প্ৰবীণ শিল্পী ৰুদ্ৰকান্ত মহন্তৰ আজি ১৭ এপ্ৰিলৰ পুৱা ১০.৩০ মান বজাত জাজৰি বগৰিগুৰিস্থিত নিজা বাসভৱনত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ।

অসম আৰক্ষীৰ বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰা মহন্ত মৃত্যুৰ সময়লৈকে বৃহত্তৰ জাজৰি অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতপোতভাৱে জড়িত আছিল। বৃহত্তৰ জাজৰি অঞ্চলত সত্ৰীয়া সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত প্ৰভূত অৰিহণা আগবঢ়োৱা  মহন্তই নগাওঁ আৰু মৰিগাওঁ জিলাৰ বিভিন্ন মঞ্চত অংকীয়া নাট, ভাওনা আদিত অভিনয় কৰি এজন দক্ষ অভিনেতাৰূপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল।

সত্ৰাধিকাৰগৰাকীৰ মৃত্যুৰ খবৰ অঞ্চলজুৰি বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধই তেওঁৰ বাসভৱনলৈ আহি শেষ শ্ৰদ্ধা নিবেদন কৰে। মৃত্যুৰ সময়ত মহন্তই পত্নী, এজন পুত্ৰ আৰু তিনিগৰাকী জীয়াৰী আৰু অনেক ইষ্ট-কুটুম্বক ইহ সংসাৰত এৰি থৈ গৈছে। তেখেতৰ মৃত্যুত বেবেজীয়া আৰু জাজৰি অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।