NORTHEAST NOW (Assamese)
অসম

নলবাৰীৰ চামতাত ১০ কোটি টকীয়া ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰী সোণোৱালৰ

Posted by: এন ই নাও নিউজ August 5, 2018 11:36 pm

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নলবাৰীৰ চামতাত অসম চৰকাৰৰ ছিগনেচাৰ প্ৰজেক্টৰ উত্তৰণ আঁচনিৰ অধীনত ১০ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে।

ইয়াৰ উপৰি তেওঁ ক্ৰীড়া সংঘৰ খেলপথাৰত অনুষ্ঠিত ৪১ সংখ্যক নৰোৰাম সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ মহম্মেদান স্পৰ্টিং ক্লাব, কলকাতা আৰু অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানৰ মাজত অনুষ্ঠিত খেলখনো উদ্ধোধন কৰে।

এই উপলক্ষে দিয়া ভাষণত তেওঁ চৰকাৰে যোৱা দুটা বছৰত ক্ৰীড়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে  হীমা দাসৰ দৰে ক্ৰীড়াবিদে বিশ্বৰ ক্ৰীড়াৰ মানচিত্ৰত অসমৰ নাম উজলাবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰে।

ইয়াৰ উপৰি মুখ্য মন্ত্ৰীয়ে গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী ৰূপে গঢ় দিবলৈ অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। তেওঁ খেলৰ জৰিয়তে আন ৰাজ্য সমূহৰ সৈতে এক বন্ধুত্বপূৰ্ণ সম্বন্ধ গঢ়ি তোলাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে।

আজিৰ এই অনুষ্ঠানত উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, বিধায়কদ্বয়  অশোক শৰ্মা আৰু নাৰায়ণ ডেকা, অসম ফুটবল সন্থাৰ সভাপতি অংকুৰ দত্তকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।