NORTHEAST NOW (Assamese)
অসম

নলবাৰীৰ বিশিষ্ট ওজাপালি ভবেন বৈশ্যৰ পৰলোকপ্ৰাপ্তি

Posted by: এন ই নাও নিউজ June 30, 2018 10:52 pm
নলবাৰীৰ বিশিষ্ট ওজাপালি ভবেন বৈশ্যৰ পৰলোকপ্ৰাপ্তি

নলবাৰী জিলাৰ কৈঠালকুছিক সমীপৰ বেছিমাৰি গাঁৱৰ নিৱাসী ওজাপালি শিল্পৰ অন্যতম সাধক ভবেন বৈশ্যৰ(৭১) আজি পৰলোকপ্ৰাপ্তি ঘটে।

প্ৰাপ্ত তথ্য মতে শিল্পী গৰাকী আজি কিছু দিন ধৰি কঁকালৰ বিষ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগি আছিল। আৰু শিল্পী গৰাকী হঠাৎ অসুস্থ হৈ পৰাত আজি পুৱা তেওঁক চিকিত্‍সাৰ বাবে গুৱাহাটীৰ দিছপুৰ পলিক্লিনিক চিকিত্‍সালয়লৈ নিয়া হৈছিল। কিন্তু দুৰ্ভাগ্যবশত শিল্পী গৰাকীয়ে চিকিৎসালয়তে প্ৰায় ১১ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

বিশিষ্ট শিল্পী গৰাকীয়ে মৃত্যুৰ সময়ত সহধৰ্মিনী, তিনি পুত্ৰ-বোৱাৰী, তিনি জী-জোাঁৱাইক ইহ সংসাহৰত এৰি থৈ গৈছে।

উল্লেখযোগ্য যে মৃত্যুৰ কেইদিনমানৰ পূৰ্বে শিল্পী গৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ কৰি পদ ৰচনা কৰি নিজৰ ওজাপালি দলৰ সৈতে পৰিৱেশন কৰি এক প্ৰকাৰ নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছিল।