NORTHEAST NOW (Assamese)

নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ গৃহ পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ

June 15, 2018 1:25 pm · এন ই নাও নিউজ

নলবাৰীৰ ৬নং পশ্চিম বতাহগিলা গাঁও পঞ্চায়তত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগ উত্থাপিত হৈছে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ গৃহ পঞ্চায়তত।

অভিযোগ অনুসৰি বিধায়কৰ অতি ঘনিষ্ঠ তথা পঞ্চায়ত সচিব গৰাকীয়ে কাৰ্যালয়লৈ অহা-যোৱা কৰা পথটো নিৰ্মাণ নকৰি সকলো ধন আত্মসাৎ কৰিছে। বিগত সময়ত এই পঞ্চায়ত সচিব গৰাকীয়ে এনেধৰণৰ কাৰ্য কৰি বহু বাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে যদিও আজি পৰ্যন্ত কিয় বদলি কৰা নাই বুলিও বিভাগীয় কৰ্তৃপক্ষক স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰে।

বিধায়ক অশোক শৰ্মাৰ বাসগৃহৰ নিচেই ওচৰতে থকা এই পঞ্চায়তলৈ অহা যোৱা পথটো নোহোৱাত গাঁৱৰ ৰাইজে ৰে’ল বিভাগৰ ভূমিত অহা যোৱাৰ বাবে এটি পথ নিৰ্মাণ কৰি উলিয়াইছিল।

লক্ষ্যণীয়ভাৱে আজি ৰে’ল বিভাগৰ কৰ্মচাৰীয়ে এই পথচোৱা বন্ধ কৰি দিয়াত অঞ্চলবাসী ৰাইজ ক্ষুভিত হৈ পৰে৷ এই ক্ষেত্ৰত পঞ্চায়ত সচিব গৰাকীক ৰাইজে অবগত কৰোৱাত সচিব গৰাকীয়ে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত ৰাইজে পঞ্চায়ত কাৰ্যালয়ত তলা লগাই দিয়ে৷

ইফালে ক্ষুভিত ৰাইজে পৰিস্থিতি উত্তপ্ত কৰি তোলাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পঞ্চায়তৰ তলা খুলি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে৷

Related News