নাগালিমক লৈ ডিমা-হাচাওৰ পৰিস্থিতি অশান্ত বুলি প্ৰমাণ কৰি বিজেপিয়ে পৰিষদৰ কাৰ্যকাল বৃদ্ধি কৰিব বিচাৰিছেঃ অভিযোগ কংগ্ৰেছী নেতাৰ

মঙলবাৰে হাফলঙৰ আৰএছএছ কাৰ্যালয়ত সংঘটিত আক্ৰমণৰ ঘটনাত কংগ্ৰেছ জড়িত থকাৰ অভিযোগ অনা চিইএম দেবলাল গাৰ্লচাক কংগ্ৰেছী নেতা কালিজয় চেংগুইনে উভতি ধৰিছে। ‘এতিয়া নাগালিমক লৈ দলটোৰ মাজত অচলাৱস্থাৰ সৃষ্টি হৈছে, সেয়ে জিলাখনৰ পৰিস্থিতি অশান্ত বুলি প্ৰমাণ কৰি তেওঁলোকে পৰিষদৰ কাৰ্যকাল বৃদ্ধি কৰিব বিচাৰিছে’, বিজেপিৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ আনে নেতাজনে।
আজি হাফলঙৰ ৰাজীৱ ভৱনত সংবাদমেল পাতি কংগ্ৰেছী নেতাজনে কয় যে, ‘আৰএছএছৰ কাৰ্যালয়ত জুই লগোৱা ঘটনাত বিজেপিহে জড়িত।’ তেওঁ কয় যে, ‘বিজেপিয়ে বিগত কালছোৱাত এনে কাৰ্য সংঘটিত কৰি অহাৰ প্ৰমাণ তেওঁৰ হাতত মজুত আছে।’
তেওঁ লগতে কয় যে, ‘কংগ্ৰেছ দল উক্ত ঘটনাত জড়িত থকাৰ বিজেপিয়ে কৰা অভিযোগ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। উক্ত অভিযোগ যদি দেবলাল গাৰ্লচাই প্ৰমাণ কৰিব নোৱাৰে তেতিয়াহ’লে তেওঁৰ বিৰুদ্ধে মানহানি গোচৰ তৰা হ’ব।’
বিজেপিক সমালোচনা কৰি নেতাজনে কয় যে বিজেপি দলে প্ৰবীন নেতা ক্ৰমে হামজানন লাঙঠাচা, প্ৰকান্ত ৱাৰিচা আৰু অলপতে দেবেন থাউচেনক ধৰ্ষণৰ অভিযোগ আনি বদনাম কৰিব বিচাৰিছিল।
উল্লেখনীয় যে যোৱা সোমবাৰে হাফলঙত নাগালিমৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিভিন্ন দল-সংগঠনে ৰাজপথ কঁপাই তুলিছিল।
ইয়াৰ পিছতে অচিনাকি দুৰ্বৃত্তৰ দলে আৰ এছ এছৰ হাফলঙ কাৰ্যালয়ৰ চিচিটিভি ভাঙি পেলোৱাৰ উপৰি পে’ট্ৰল ঢালি কাৰ্যালয়টোত অগ্নিসংযোগ কৰিব বিচাৰিছিল।
আৰ এছ এছ কাৰ্য্যালয় আক্ৰমণৰ ঘটনাত কংগ্ৰেছ দল জড়িত থকাৰ অভিযোগ আনিছিল চিইএম দেবলাল গাৰ্লচাই।