NORTHEAST NOW (Assamese)
নাগালেণ্ড

নাগালেণ্ডত নতুন জিলা গঠন

Posted by: ভদ্ৰ গগৈ December 21, 2017 9:37 pm

অহা বৰ্ষত হ’ব লগীয়া ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে নাগালেণ্ড চৰকাৰে ৰাজ্যখনত এখন নতুন জিলাৰ ঘোষণা কৰে। বৃহস্পতিবাৰৰ নিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ টুৱেনচাং জিলাৰ নকলাক উপ-সংমণ্ডলক জিলা হিচাপে ঘোষণা কৰে। এই উপ-সংমণ্ডলক জিলালৈ উন্নীত কৰাত নকলাকে পাহাৰীয়া ৰাজ্যখনৰ ১২ সংখ্যক জিলা হিচাপে স্বীকৃতি পায়। এক অধিসূচনা যোগে নাগালেণ্ড চৰকাৰৰ মুখ্য সচিব পংকজ কুমাৰে কয় যে ৰাজ্য চৰকাৰৰ কেবিনেটৰ অনুমোদনত নাগালেণ্ডৰ ৰাজ্যপালে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নকলাক উপ-সংমণ্ডলক এখন সম্পূৰ্ণ জিলালৈ উন্নীতকৰণ কৰে। অধিসূচনাখনত কোৱা অনুসৰি নতুন জিলাখনৰ আওতাত পৰা এলেকাত টুৱেনচাং জিলাৰ নকলাক উপ-সংমণ্ডলটো অন্তৰ্ভুক্ত হ’ব।

আনহাতে যোৱা বুধবাৰে মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে পেৰেন জিলাৰ অন্তৰ্গত অতিৰিক্ত উপ আয়ুক্তৰ কাৰ্যালয়ৰ পৰা উপ-সংমণ্ডল কাৰ্যালয়লৈ উন্নীত কৰা নতুন কাৰ্যালয় গৃহটোক উদ্বোধন কৰে। ইয়াৰ উপৰি আজি তেওঁ  জালুকী অঞ্চলৰ বাসিন্দাসকলৰ বহু দিনীয়া আশা বাস্তৱায়িত কৰি জালুকী উপ-সংমণ্ডল বিষয়াৰ কাৰ্যালয়ক জিলা অতিৰিক্ত উপায়ুক্তৰ মুখ্য কাৰ্যালয়লৈ উন্নীতকৰণ কৰে