NORTHEAST NOW (Assamese)
নাগালেণ্ড

নাগালেণ্ডৰ ভূমিস্খলনৰ বাবে যোৰাবাটত আবদ্ধ হৈ আছে ৫০ৰো অধিক ইন্ধনভৰ্তি টেংকাৰ

Posted by: এন ই নাও নিউজ July 29, 2018 12:50 pm
38017763_846571609066956_8474286769284579328_n

যোৱা কেইবাদিন ধৰি নেৰা নেপেৰা বৰষুণৰ ফলত ভয়াবহ ভূমিস্খলন সংঘটিত হৈছে নাগালেণ্ডত। এই ভূমিস্খলনৰ ফলত এতিয়া উত্তৰ-পূবৰ দুখন ৰাজ্য ক্ৰমে নাগালেণ্ড আৰু মণিপুৰৰ সৰ্বসাধাৰণ ৰাইজ শংকিত হৈ পৰা পৰিলক্ষিত হৈছে। কিয়নো এই দুইখন ৰাজ্য এতিয়া ভুগিব পাৰে তীব্ৰ ইন্ধনৰ সংকটত ।

উল্লেখ্য যে নাগালেণ্ডত হোৱা ভয়ংকৰ ভূমিস্খলনৰ বাবে এতিয়া অসমৰ এই দুই চুবুৰীয়া ৰাজ্যলৈ যাব পৰা নাই গেছ আৰু তেলভৰ্তি বহু টেংকাৰ।

বিভাগীয় কৰ্তৃপক্ষই অনুমতি নিদিয়াৰ বাবেই এতিয়া যোৰাবাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ আছে নাগালেণ্ড-মণিপুৰলৈ যাবলগীয়া ৫০ খনতকৈ অধিক ইন্ধনভৰ্তি টেংকাৰ।

উল্লেখ্য যে কেইবাদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণ আৰু ইয়াৰ ফলত হোৱা ভয়ংকৰ ভূমিস্খলনে নাগালেণ্ডৰ বিভিন্ন অংশত বিশৃংখলতাৰ সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে কেতিয়ালৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ খোলা দিয়া হ’ব সেয়াও এতিয়ালৈ কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই। এতিয়া প্ৰশ্ন হয় যদিহে এইদৰে ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ থকা ইন্ধনভৰ্তি টেংকাৰসমূহ চুবুৰীয়া ৰাজ্য দুখনলৈ অতি শীঘ্ৰে ৰাওনা নহয় তেন্তে নিশ্চয়কৈ ৰাজ্য দুখনৰ জনসাধাৰণৰ মাজত এক অচলাৱস্থাৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব।