NORTHEAST NOW (Assamese)
নাগালেণ্ড

নাগালেণ্ডবাসীলৈ ইষ্টাৰৰ শুভেচ্ছা ৰাজ্যপালৰ : ‘ঘৃণাতকৈ প্ৰেম সদায় শক্তিশালী, এয়ে যীশুৰ পুনৰজন্মৰ তাৎপৰ্য্য’

Posted by: এন ই নাও নিউজ March 31, 2018 7:31 pm
নাগালেণ্ডবাসীলৈ ইষ্টাৰৰ শুভেচ্ছা ৰাজ্যপালৰ : ‘ঘৃণাতকৈ প্ৰেম সদায় শক্তিশালী, এয়ে যীশুৰ পুনৰজন্মৰ তাৎপৰ্য্য’

নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্য্যই আজি ৩১ মাৰ্চত ৰাজ্যবাসীক খ্ৰীষ্টান ধৰ্মীয় উৎসৱ ইষ্টাৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

শনিবাৰে তেওঁ দিয়া ইষ্টাৰৰ শুভেচ্ছাবাণীত ইষ্টাৰৰ প্ৰকৃত অৰ্থ সোঁৱৰাৰ বাবে খ্ৰীষ্টানপ্ৰধান ৰাজ্যখনৰ ৰাইজক আহ্বান জনায়।

ৰাজ্যপালগৰাকীয়ে কয়, ‘অন্যায়ৰ বিৰুদ্ধে সত্যৰ জয়ে আৰু ঘৃণাতকৈ প্ৰেম সদায় শক্তিশালী এয়ে হ’ল যীশুখ্ৰীষ্টৰ পুনৰ জন্মৰ তাৎপৰ্য্য।’ শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাবে কাম কৰি যাবলৈ তেওঁ সকলোকে আহ্বান জনায়। ইষ্টাৰ উদযাপনে সকলোৰে মাজত প্ৰেম আৰু ক্ষমাৰ উদ্যম জগাই তুলিব বুলি আচাৰ্য্যই লগতে আশা প্ৰকাশ কৰে।