NORTHEAST NOW (Assamese)
নাগালেণ্ড

নাগালেণ্ডৰ মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে কৃতজ্ঞতা প্ৰকাশ কৰিলে ৰামদেৱৰ প্ৰতি

Posted by: এন ই নাও নিউজ January 16, 2018 5:53 pm
Ramdev

নাগালেণ্ডত পাঁচটাকৈ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰা বাবে বাবা ৰামদেৱ আৰু আচাৰ্য্য বালকৃষ্ণৰ প্ৰতি নিজৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে।

‘শিক্ষাত কৰা বিনিয়োগেই আটাইতকৈ বেছি লাভজনক।’ জেলিয়াঙে কয়।

ইয়াৰ উপৰি পতঞ্জলিক ৰাজ্যখনলৈ অনাৰ বাবে তেওঁ উচ্চ আৰু কাৰিকৰী শিক্ষাৰ উপদেষ্টা এন থমাছ লোথাক তেওঁ লোৱা প্ৰচেষ্টাৰ বাবে ধন্যবাদ দিয়ে।

 

‘পেচাদাৰী প্ৰতিষ্ঠানৰ অভাৱ থকা আমাৰ ৰাজ্যখনত পতঞ্জলি যোগপীঠে বিনিয়োগ কৰিবলৈ ওলোৱাটো আমাৰ বাবে সৌভাগ্য, যাৰ বাবেই আমি কালি পেৰেন জিলাৰ পাংগলৱাত পাঁচখন বৃত্তিমূলক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব পাৰিলো।’ মুখ্য মন্ত্ৰীজনে কয়।

এই পাঁচখন মহাবিদ্যালয়ৰ ভিতৰত আছে- পেৰা-মেডিকেল আৰু নাৰ্ছিং কলেজ, আয়ুৰ্বেদিক কলেজ, মেনেজমেণ্ট কলেজ, নেশ্যনেল ইনষ্টিটিউট অব ফেশ্যন টেকন’লজি এণ্ড ইঞ্জিনীয়াৰিং কলেজ। তেওঁ কয় যে এই কলেজকেইখনে ৰাজ্যখনলৈ গুণগত মানৰ শিক্ষাৰ আমদানি কৰিব আৰু যুৱচামৰ দক্ষতা বিকাশত সহায় কৰিব বুলিও আশা প্ৰকাশ কৰে মুখ্য মন্ত্ৰীজনে। এয়া কেৱল নাগালেণ্ডৰে নহয়, সমগ্ৰ উত্তৰ-পূবৰে উন্নত শিক্ষা প্ৰতিষ্ঠান হোৱাৰ সম্ভৱনা আছে।

সাধাৰণতে এনেকুৱা বৃহৎ প্ৰকল্পৰ বাবে কেইবা বছৰো সময় লাগে। কিন্তু আমাৰ বাবে আশীৰ্বাদ যে এই খুব কম সময়ৰ ভিতৰত হৈ উঠিছে। এই প্ৰকল্পকেইটা ব্যক্তিগত অংশীদাৰিত্বৰ বাবে আৰ্হি হোৱাৰ সম্ভাৱনা আছে। তেওঁ ইয়াৰ বাবে প্ৰয়োজনীয় সৰু-সুৰা বিষয়বোৰৰ সোনকালেই খতিয়ান লোৱা হ’ব বুলিও আশা প্ৰকাশ কৰে।