NORTHEAST NOW (Assamese)

নাগালেণ্ডৰ ৰাজ্যপালে ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি কৰিলে ‘মাই নৰ্থ-ইষ্ট এপ’

March 16, 2018 7:36 pm · এন ই নাও নিউজ
Updated: March 16, 2018 8:34 pm

নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্যই জাখামাস্থিত ছেইণ্ট জোছেফ মহাবিদ্যালয়ত আজি আনুষ্ঠানিকভাৱে মুকলি কৰে ‘মাই নৰ্থ-ইষ্ট এপ’ । এতিয়াৰে পৰা মাই নৰ্থ-ইষ্ট এপৰ জৰিয়তে সকলো ধৰণৰ নিয়োগ সম্পৰ্কীয় বা-বাতৰি, শিক্ষা সম্বন্ধীয় বাতৰিৰ লগতে অন্যান্য খবৰো লাভ কৰিব পৰা যাব।

এপ মুকলি অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যপাল আচাৰ্যই কয় যে এখন দেশৰ উন্নয়ন সাধন কৰিবৰ বাবে শিক্ষাৰ সৱলীকৰণ কৰাতো অতিশয় প্ৰয়োজনীয়।

উক্ত অনুষ্ঠানতে ৰাজ্যপাল আচাৰ্যই নৰেন্দ্ৰ মোডীৰ বিবৃতি ‘পৰম্পৰাগত বহু ডিগ্ৰীধাৰী যুৱক-যুৱতীৰ এতিয়া চাকৰি নাই’ উল্লেখ কৰি এই প্ৰসংগত তেওঁ আশা ব্যক্ত কৰি কয় যে আজি মুকলি কৰা এই এপটোৱে ভৱিষ্যতত যুৱক-যুৱতীসকলক সকলো ধৰণৰ প্ৰয়োজনীয় তথ্য লাভ কৰিব পাৰিব।

উচ্চ শিক্ষাৰ সঞ্চালক কুহলি ছিচিয়ে তেওঁৰ ভাষণ প্ৰসংগত কয় যে- এই এপটোৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতীসকলে শেহতীয়া সকলো ধৰণৰ নিয়োগ সম্পৰ্কীয় বা-বাতৰি লাভ কৰাৰ লগতে এই এপটোৰ সঠিক ব্যৱহাৰ কৰি নিজৰ মান উন্নীত কৰিব পাৰিব।

ইয়াৰ উপৰি এই এপটোৰ জৰিয়তে সকলো ছাত্ৰ-ছাত্ৰীয়ে সম্পূৰ্ণ লাভা লাভ গ্ৰহণ কৰিব পাৰিব বুলি সঞ্চালক ছিচিয়ে উল্লেখ কৰে।

মাই নৰ্থ-ইষ্ট এপৰ চি ই ও প্ৰকাশে এপটো সম্পৰ্কে বিশ্লেষণ দাঙি ধৰি উল্লেখ কৰে যে উত্তৰ-পূবৰ বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে উপযুক্ত তথ্যৰ অভাৱৰ বাবে বহুতো সুযোগ হেৰুৱায়। এই এপটোৱে চৰকাৰী চাকৰি, কৰ্প’ৰেট খণ্ডৰ চাকৰি, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা, স্কলাৰশ্বীপ আদিৰ সম্পূৰ্ণ তথ্য প্ৰদান কৰিব বুলিও চি ই ও গৰাকীয়ে প্ৰকাশ কৰে।

ইয়াৰ উপৰি তেওঁ আৰু জানিবলৈ দিয়ে যে সকলো তথ্য সংগ্ৰহ তথা ছাত্ৰ-ছাত্ৰীসকলৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ এই এপটোৰ এটা কল চেণ্টাৰো থাকিব।

Related News