NORTHEAST NOW (Assamese)
উত্তৰ-পূব

নাগালেণ্ড বিধানসভা নিৰ্বাচন: ৰাজ্যবাসীক হিংসা বৰ্জনৰ আহ্বান এনএনপিজিৰ

Posted by: এন ই নাও নিউজ February 16, 2018 12:09 pm
nagaland

সমাগত বিধানসভা নিৰ্বাচনত নাগালেণ্ডবাসীক হিংসা বৰ্জনৰ আহ্বান জনাইছে ছটাকৈ নাগা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ উমৈহতীয়া মঞ্চ চমুকৈ এনএনপিজিৰ কৰ্যকৰী সমিতিয়ে।

এক প্ৰেছ বিবৃতিযোগে এনএনপিজিৰ কাৰ্যকৰী সমিতিয়ে কয়: বিধানসভা নিৰ্বাচন সম্পন্ন হোৱাৰ পাছতে কেন্দ্ৰীয় চৰকাৰৰ সৈতে নাগা সমস্যা সমাধানৰ ৰাজনৈতিক প্ৰক্ৰিয়া পুনৰ আৰম্ভ হ’ব। সেয়েহে ৰাজ্যবাসীয়ে নিৰ্বাচনী প্ৰক্ৰিয়া সুকলমে সম্পন্ন হোৱাত সহযোগ কৰা উচিত। নিৰ্বাচনৰ পাছত যিটো দলেই ক্ষমতালৈ নাহক কিয়, সদস্যসকলে কেইবা দশকজোৰা সমস্যাটোৰ এটা সন্মানজনক তথা গ্ৰহণযোগ্য সমাধানৰ বাবে কাম কৰিব লাগিব।

আনাহাতে নাগা সমস্যাটো সমাধান অবিহনে ৰাজ্যখনত কোনা এটা ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণ নকৰে বুলি যোৱা ২৯ জানুৱাৰিত সৰ্বসন্মত সিদ্ধান্ত লোৱাৰ পাছতো ৰাজনৈতিক দলবোৰে নিৰ্বাচনত অংশ লোৱা বিষয়টোত গভীৰ উদ্বেগ ব্যক্ত কৰে এনএনপিজিয়ে।

তদুপৰি এনএনপিজিয়ে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু উত্তৰ পূব বিজেপিৰ মুৰব্বী ৰাম মাধৱক “Election for solution.” অৰ্থাৎ ‘সমাধানৰ বাবে নিৰ্বাচন’ শ্ল’গান বাস্তৱত কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে নাগা সমস্যাটো সমাধান নোহোৱা পৰ্যন্ত ৰাজ্যখনত কোনো এটা ৰাজনৈতিক দলে নিৰ্বাচনত অংশ নলয় বুলি সন্মত হোৱাৰ পাছত বিজেপিয়ে এইক্ষেত্ৰত প্ৰথমে ওলোটা খৰ মাৰিছিল। পাছৰ পৰ্যায়ত প্ৰায়বোৰ ৰাজনৈতিক দলে নিৰ্বাচনত অংশ লোৱাত নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ দৃশ্যপট সলনি হয়।

নিৰ্বাচনলৈ মাজত মাথোঁ কেইদিনমান বাকী থকা অৱস্থাত শেহতীয়াভাৱে এনএনপিজিৰ উমৈহতীয়া কৰ্যকৰী সমিতিয়ে হিংসা বৰ্জনেৰে সকলোকে অংশগ্ৰহণৰ আহ্বান জনোৱাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ।