NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়কৰ ‘বিৰোধিতা’ সত্ৰ মহাসভাৰ, দিল্লীত প্ৰদান নতুন স্মাৰক পত্ৰ

Posted by: ৰাজীব ৰয় April 25, 2018 10:33 pm

নাগৰিকত্ব সংশোধন বিধেয়ক, ২০১৬ ( Citizenship Amendment Bill ) সন্দৰ্ভত যোৱা ১৭ এপ্ৰিলত অসম সত্ৰ মহাসভাৰ হৈ প্ৰধান সম্পাদক আৰু উপ সভাপতিয়ে দিয়া স্মাৰক পত্ৰ প্ৰত্যাহাৰ কৰি আজি ২৫ এপ্ৰিলত দিল্লীত গৈ যুটীয়া সংসদীয় সমিতিক এক নতুন স্মাৰক পত্ৰ দিলে সংগঠনটোৱে।

বিধেয়কখন সত্ৰ মহাসভাই সমৰ্থন কৰাক লৈ ৰাজ্যজুৰি হোৱা তুমুল বিতৰ্কৰ পিছত যোৱা ২১ এপ্ৰিলত গুৱাহাটীত এক জৰুৰী কৰ্ণধাৰ বৈঠকত মহাসভাৰ হৈ ১৭ এপ্ৰিলৰ শুনানিত দাখিল কৰা স্মাৰক পত্ৰ ‘তৎকালীনভাৱে’ উঠাই লোৱা হৈছিল।

উক্ত সভাতে বিধেয়কখন সত্ৰ মহাসভাই সমৰ্থন নকৰে বুলি ঘোষণা কৰি কাৰ্য্যনিৰ্বাহকত কোনো সিদ্ধান্ত নোহোৱাকৈ আৰু বাকী বিষয়ববীয়াৰ অগোচৰে দিল্লীৰ শুনানিত মহাসভাৰ হৈ সাক্ষ্য দিয়া প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্ত আৰু উপ সভাপতি অখিল মহন্তক সংগঠনটোৰ পৰা নিলম্বন কৰা হৈছিল।

অৱশ্যে দিল্লীত নথকা বাবে সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাক সভাপতি জীতেন্দ্ৰ নাথ প্ৰধানীৰ নেতৃত্বত যোৱা মহাসভাৰ দলটোৱে লগ পাব নোৱাৰিলে।

সত্ৰ মহাসভাৰ সূত্ৰ অনুসৰি ‘মে’ৰ প্ৰথম ভাগত অসমলৈ আহিব লগা সংসদীয় সমিতিক গুৱাহাটীত মহাসভাই লগ কৰিব’।

উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰায় সকলো জাতীয় সংগঠনে ধৰ্মৰ ভিত্তিত দেশৰ নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশোধন বিধেয়কৰ সৰ্বাত্মক বিৰোধিতা কৰিছে।