NORTHEAST NOW (Assamese)
Popular Stories

নাগৰিকত্ব বিধেয়ক : মাজুলীত ‘ক’লা দিৱস’, জনাৰ্দন দেৱগোস্বামীৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ

Posted by: মিণ্টু খাটনিয়াৰ April 22, 2018 11:13 pm

ধৰ্মৰ ভিত্তিত বিদেশীক দেশৰ নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব বিধেয়ক ( Citizenship Amendment Bill )ক যোৱা ১৭ এপ্ৰিলত দিল্লীত হোৱা শুনানিত সমৰ্থন কৰাক লৈ মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ বিৰুদ্ধে মাজুলীত অব্যাহত আছে প্ৰতিবাদ।

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সত্ৰাধিকাৰগৰাকীৰ মন্তব্যক সাম্প্ৰদায়িক আখ্যা দি ইয়াৰ বিৰুদ্ধে আৰু সংসদীয় সমিতিত ‘বদলা পদ্ম আতা সেৱা সমিতি’ৰ হৈ দাখিল কৰা প্ৰস্তাৱ প্ৰত্যাহাৰৰ দাবীত অহা ২৩ এপ্ৰিলত সমগ্ৰ মাজুলীত ‘ক’লা দিৱস’ পালন কৰাৰ লগতে ২৫ এপ্ৰিলত গড়মূৰ আৰু কমলাবাৰীত অৱস্থান ধৰ্মঘট পালন কৰা হ’ব।

মাজুলী কমলাবাৰীস্থিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত আজি ২২ এপ্ৰিলত অনুষ্ঠিত এক প্ৰতিবাদী সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। পৰিষদৰ সভাপতি জগত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লগতে মাজুলী মহকুমা ছাত্ৰ সন্থা, জ্যেষ্ঠ নাগৰিক, মাজুলী জিলা সাহিত্য সভা, কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু মাজুলী জিলা মহিলা সমিতিৰ নেত্ৰীবৃন্দ উপস্থিত আছিল।

উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে বিধেয়কখন সন্দৰ্ভত লোৱা অসমবিৰোধী স্থিতিত মাজুলী জিলা সত্ৰ মহাসভাই নীৰৱতা অৱলম্বন কৰাক লৈও সভাখনত ক্ষোভ প্ৰকাশ কৰা হয়।