NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অঃ জাঃ যুঃ ছাঃ পঃৰ গোলাঘাট জিলা সমিতিৰ গণবিক্ষোভ

Posted by: এন ই নাও নিউজ May 26, 2018 7:13 pm

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ আহ্বান মৰ্মে আজি জিলাখনৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত এক বিশাল গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

ইয়াৰ পাছতে প্ৰতিবাদকাৰী সকলে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি ‘নৰেন্দ্ৰ মোদী গ’ বেক, সৰ্বানন্দ সোণোৱাল গ’ বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক’ আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে অঞ্চলটোৰ আকাশ-বতাহ কঁপাই তোলে।

এই গণ বিক্ষোভ কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পুতুল দত্ত, সহকাৰী সাধাৰণ সম্পাদক জিতুল ৰাজখোৱাকে ধৰি আৰু আন আন দল-সংগঠন সমূহৰ সভাপতি-সম্পাদক তথা সদস্য সকলে অংশ গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে প্ৰতিবাদকাৰী সকলে অনাগত দিনত যদি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰে তেন্তে হাতে হাতে হেংডাং, ধনু-কাঁড় লৈ ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ দ‌িয়ে।

পিছত এই গণ বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে বিধেয়কখনৰ বিৰোধ‌িতা কৰি দল-সংগঠনৰ বিষয়ববীয়াৰ স্বাক্ষৰিত এখন স্মাৰক-পত্ৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে।