NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আমগুৰিত ৩২ টা সংগঠনৰ প্ৰতিবাদী সভা

Posted by: ৰাজীৱ দত্ত July 9, 2018 9:41 pm
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আমগুৰিত ৩২ টা সংগঠনৰ প্ৰতিবাদী সভা
নাগৰিকত্ব সংশোধনী বিধেয়েক, ২০১৬ বাতিলৰ দাবীত ৰাজ্যজুৰি ধাৰাবাহিকভাৱে প্ৰতিবাদৰ ঢৌ অব্যাহত ৰখাৰ মাজতে সমান্তৰালভাৱে আজি শিৱসাগৰ জিলাৰ আমগুৰিত অনুষ্ঠিত হয় এখন প্ৰতিবাদী সভা।
উল্লেখযোগ্য যে আমগুৰিৰ আউনীআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত এই প্ৰতিবাদী সভাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ তাই আহোম ছাত্ৰ সন্থা, তাই আহোম যুৱ পৰিষদ, অসম চাহ জনজাতি ছাত্ৰ সন্থা, আহোম জাতীয় গণ মঞ্চ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, মানৱ অধিকাৰ সংগ্ৰাম সমিতি আদিকে ধৰি মুঠ ৩২ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনে অংশ গ্ৰহণ কৰে।
প্ৰতিবাদী সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি অখিল গগৈয়ে বহু বিতৰ্কিত নাগৰিকত্ব বিধেয়কৰ জৰিয়তে কোটিৰ ঘৰত হিন্দু বাংলাদেশী নাগৰিকক অসমত সংস্থাপনৰ ব্যৱস্থা কৰা বুলি অভিযোগ উত্থাপন কৰে।
তাৰোপৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক প্ৰত্যাহ্বান জনাই ভাষণ প্ৰসংগত অখিল গগৈয়ে কয় যে  “বন্দে মাতৰম’, “ভাৰত মাতা কি জয়” বুলি ক’বলৈ অখিল গগৈৰ সাহসৰ অভাৱ হোৱা নাই, পাৰে যদি তেওঁ “জয় আই অসম” কওঁক।’