NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী বিধেয়ক : কংগ্ৰেছৰ ৰোষৰ সন্মুখীন অৰুণাচল চৰকাৰ

May 10, 2018 12:53 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত শুনানি গ্ৰহণৰ বাবে ৰাজ্যখনলৈ যুটীয়া সংসদীয় সমিতিক আমন্ত্ৰণ নকৰাৰ বাবে বিৰোধী দল কংগ্ৰেছৰ ৰোষৰ সন্মুখীন হৈছে অৰুণাচল প্ৰদেশ চৰকাৰ।

অৰুণাচল প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অভিযোগ কৰে যে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ৰাজ্যখনলৈ আহি যুটীয়া সংসদীয় সমিতিয়ে বিভিন্ন দল-সংগঠনৰ লগতে ৰাইজৰ মতামত গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ নজনালে।

প্ৰদেশ কংগ্ৰেছে লগতে অভিযোগ কৰে যে উত্তৰ-পূৰ্বাঞ্চলত হিন্দু বাংলাদেশীক সংস্থাপিত কৰিব বিচৰা সমগ্ৰ প্ৰক্ৰিয়াটো সম্পৰ্কত অৰুণাচল প্ৰদেশৰ জনসাধাৰণক অন্ধকাৰত ৰখা হৈছে।

অৰুণাচল প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কয় যে অৰুণাচল প্ৰদেশ শৰণাৰ্থী সমস্যাৰ দ্বাৰা ভাৰাক্ৰান্ত যদিও ৰাজ্যখনক যুটীয়া সংসদীয় সমিতিৰ ভ্ৰমণৰ বাহিৰত ৰখা হ’ল।

প্ৰদেশ কংগ্ৰেছে লগতে দাবী কৰে যে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ শৰণাৰ্থী সমস্যাটোক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ সৈতে আলোচনা কৰি বিষয়টো স্পষ্ট কৰা উচিত।

বিষয়টোৰ সমাধানৰ বাবে সংশ্লিষ্ট জিলা কেইখনৰ বেচৰকাৰী সংস্থা, নাগৰিক সংগঠন আৰু জ্যেষ্ঠ নাগৰিকসকলকে ধৰি এখন সৰ্বদলীয় বৈঠক আহ্বান কৰিবলৈ অৰুণাচল প্ৰদেশ কংগ্ৰেছে দাবী জনায়।

অৱশ্যে, কংগ্ৰেছে লগতে সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই মেঘালয়ত যুটীয়া সংসদীয় সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে লোৱা সিদ্ধান্তক আদৰণি জনায়।

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত পেমা খাণ্ডু চৰকাৰে গ্ৰহণ কৰা মৌনতাৰ নীতি সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পীপলছ পাৰ্টি অফ অৰুণাচল প্ৰদেশে।

দলে কয় যে বিধেয়কখনে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যক খিলঞ্জীয়া লোকৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনিছে।

দলটোৱে লগতে অসমত এন আৰ চি প্ৰকাশ হোৱাৰ পিছত চুবুৰীয়া ৰাজ্যখনৰ পৰা হ’ব পৰা অনুপ্ৰৱেশ সম্পৰ্কতো সকীয়াই দিছে।

 

Related News