NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত নলবাৰীত জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জোঁৰ সমদল

May 10, 2018 9:55 pm · এন ই নাও নিউজ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰ জৰিয়তে অবৈধ বাংলাদেশীৰ বোজা জাপি দিব বিচৰা কাৰ্যৰ প্ৰতিবাদত আৰু বিধেয়কখন বাতিলৰ দাবীত আজি সন্ধিয়া সাত বজাত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী চহৰত এক বিশাল জোঁৰ সমদল উলিওৱা হয়।

এই জোঁৰ সমদল কাৰ্যসূচীত নলবাৰী জিলা প্ৰেছ ক্লাৱ, জিলা সাংবাদিক সন্ধা, আপকুকে ধৰি বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত শ শ ছাত্ৰ কৰ্মী, যুৱক, বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে হাতত জোঁৰ লৈ নলবাৰী চহিদ ভৱনৰ পৰা সমদল কৰে।

সমদলকাৰী সকলে ‘আহ ঐ আহ ওলাই আহ, অসমীয়া জাতিলৈ আহিছে অশনি সংকেত, নাগৰিকত্ব আইন বাতিল কৰক, ধৰ্মক লৈ ৰাজনীতি বন্ধ কৰক, বিজেপি গ’ বেক, কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰক, মুখ্য মন্ত্ৰীয়ে মৌনতা ভংগ কৰক’ আদি প্ৰতিবাদী শ্ল’গানৰে নলবাৰীৰ সমগ্ৰ আকাশ-বতাহ প্ৰতিবাদী ধ্বনিৰে মুখৰিত কৰি তোলে।

আনহাতে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসমত কেতিয়াও নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত হ’বলৈ দিয়া নহ’ব বুলি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক সকীয়নি প্ৰদান কৰে।

Related News