NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বেবেজীয়াত কংগ্ৰেছৰ গণ স্বাক্ষৰ অভিযান

Posted by: এন ই নাও নিউজ May 18, 2018 7:43 pm

সমগ্ৰ ৰাজ্যতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ সময়তে নগাঁও জিলাৰ বেবেজীয়াতো কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লখযোগ্য যে নগাঁও জিলাৰ বেবেজীয়াত জিলা কংগ্ৰেছৰ সদৰ সমষ্টিৰ কৰ্মকৰ্তাসকলে বেবেজীয়া অৰ্দ্ধ সাপ্তাহিক বজাৰৰ পৰা বেবেজীয়া চাৰিআলিলৈকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এক সমদল উলিয়াই। লগতে বেবেজীয়া চাৰিআলিস্থিত জিৰণি চ’ৰাত এক গণ স্বাক্ষৰ কাৰ্যসূচী ৰূপায়ণ কৰে।

নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্ল্লভ চমুৱাই শুভাৰম্ভ কৰা এই গণ স্বাক্ষৰ অভিযানৰ কাৰ্যসূচীত প্ৰায় সহস্ৰাধিক লোকে স্বাক্ষৰ প্ৰদান কৰে।

গণ স্বাক্ষৰ অভিযান কাৰ্যসূচীতে প্ৰাক্তন বিধায়কজনে বিজেপি দলটোৰ বিৰুদ্ধে সোচ্ছাৰ হৈ কয় যে, ‘বিজেপি দলে জাতি-মাতি-ভেটি ৰক্ষাৰ নামত চৰকাৰ গঠন কৰিলেও চৰকাৰখনে অসমীয়াৰ ভৱিষ্যতৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে। দলটোৱে জাতিধ্বংসী বিধেয়কখন আইনত পৰিণত কৰি হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানেৰে ৰঙা দলিচা পাৰিব বিচাৰিছে। ইয়ে অসমীয়াৰ অস্তিত্বত আঘাত হানিব।’

উল্লেখযোগ্য যে এই কাৰ্যসূচীত নগাঁও লোকসভা যুৱ কংগ্ৰেছ, খাগৰিজান ব্লক যুৱ কংগ্ৰেছ, নগাঁও জিলা এন এছ ইউ আই, বেবেজীয়া মণ্ডল কংগ্ৰেছৰ নেতা-কৰ্মীসকলো উপস্থিত থাকে।