NORTHEAST NOW (Assamese)
অসম

নাম বাদপৰা প্ৰকৃত ভাৰতীয়ক সহায় কৰিব বিপিএফে : হাগ্ৰামা মহিলাৰী

Posted by: কল্পজ্যোতি শইকীয়া July 30, 2018 10:25 pm

আজি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছতেই নাগৰিক পঞ্জীৰ পৰা নাম বাদ পৰা বিটিছি এলেকাৰ লোকসকলক যিকোনো দিশত সহায়ৰ হাত আগবঢ়োৱাৰ কথা ঘোষণা কৰে বিটিছি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

উল্লেখ্য যে বিটিছি অঞ্চলতো বহুতৰে নাম এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰাৰ বাবে উদ্বিগ্নতা প্ৰকাশ কৰে বিটিছি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

তাৰোপৰি ‘নাম বাদপৰা প্ৰকৃত ভাৰতীয়সকলৰ সহায়ৰ বাবে বিপিএফ দল ভৱিষ্যতেও তেওঁলোকৰ লগত থাকিব। নাম নহাসকলে চিন্তা কৰিব নালাগে।’ এই দৰে মন্তব্য কৰে হাগ্ৰামাই।

আনহাতে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সকলোৰে কাৰণে উজৰ-আপত্তি দৰ্শোৱা তথা আবেদন কৰাৰ বাবে সময় দিয়াৰ কথা উল্লেখ কৰি  এন আৰ চিৰ চূড়ান্ত খচৰাত নাম নহাসকলক শংকিত নহ’বলৈ আহ্বান জনাই।

তদুপৰি নাম বাদ  পৰা প্ৰকৃত ভাৰতীয়সকলৰ কাৰণে বিটিচি অঞ্চলত তেওঁলোকে দলৰ ফালৰ পৰা কি নথি-পত্ৰৰ অভাৱত ভাৰতীয় নাগৰিকসকলৰ নামটো অহা নাই, সেইসকলক সহায় কৰিবৰ বাবে পূৰ্বৰে  পৰা ভাবি আহিছে বুলি তেওঁ সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে।

আনহাতে কাইলৈৰ পৰাই বিপিএফৰ উদ্যোগত এই প্ৰক্ৰিয়া আৰম্ভ হ’ব যদিও অহা ৪ আগষ্টত হ’বলগীয়া দলৰ কাৰ্য্যনিৰ্বাহক বৈঠকত বিটিচি অঞ্চলত যিসকলৰ নাম অহা নাই বা কি নথি-পত্ৰৰ অভাবত তেওঁলোকৰ নাম আহিল, সেইসকলক সহায় কৰাৰ বাবে আলোচনা কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।