NORTHEAST NOW (Assamese)
Popular Stories

নাৰীৰ অন্তৰ্বাস চুৰি কৰি ৰঙাঘৰলৈ গ’ল এইজন যুৱক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 28, 2023 5:16 pm

মালয়েছিয়াত এগৰাকী মহিলাৰ অন্তৰ্বাস চুৰি কৰাৰ অপৰাধত তিনি মাহৰ কাৰাদণ্ড বিহা হৈছে এজন বাংলাদেশী যুৱকক। 

দক্ষিণ-পশ্চিম মালাকা প্ৰদেশৰ আয়েৰ কেৰোৰ দণ্ডাধীশ আদালতে মহিলা ভুক্তভোগীয়ে দাখিল কৰা অভিযোগৰ পিছতে অভিযুক্তক শাস্তি প্ৰদান কৰে।

মালয়েছিয়াৰ সংবাদ মাধ্যম নিউ ষ্ট্ৰেইটছ টাইমছে এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে।

প্ৰতিবেদন অনুসৰি, চলিত মাহতেই অভিযুক্তই ৫৭ বছৰীয়া মহিলাগৰাকীৰ অন্তৰ্বাস চুৰি কৰিছিল। 

শাস্তিপ্ৰাপ্ত বাংলাদেশী যুৱকজনৰ নাম হোছেইন এম ডি ইকবাল (৩২)। 

নিউ ষ্ট্ৰেইটছ টাইমছে প্ৰকাশ কৰিছে যে দণ্ডাধীশ নুৰুল আছিকিন ৰোজলীয়ে অভিযোগৰ সত্যতা, অভিযুক্তৰ আবেদন আৰু ৰাষ্ট্ৰৰ যুক্তি বিবেচনা কৰি এই শাস্তি ঘোষণা কৰে।