NORTHEAST NOW (Assamese)
অসম

নিজৰ ঘৰতে ভাস্কৰ্য্য শিল্পৰ যাদুঘৰ স্থাপনেৰে বিৰল দৃষ্টান্ত চকু চিকিৎসক আৰু শিল্পী হীৰেন শইকীয়াৰ

Posted by: স্মিতা ভট্টাচাৰ্য্য April 16, 2018 10:26 pm
HirenSaikia_2

আজি যোৰহাটৰ এজন চকু বিশেষজ্ঞ তথা প্ৰকৃতি প্ৰেমী হীৰেন শইকীয়াই তেওঁৰ নিজৰ ঘৰতে এটা যাদুঘৰ আনুষ্ঠানিকভাৱে মুকলি কৰি তেওঁৰ বিৰল চখৰ দৃষ্টান্ত দাঙি ধৰাৰ লগতে স্থানীয় লোকসকলৰ প্ৰশংসা বোটলে। জানিব পৰা মতে শইকীয়াই যোৱা প্ৰায় দুটা দশক ধৰি বিভিন্ন ভাস্কৰ্য্য নিৰ্মাণ কৰি আহিছে। তেওঁ বিশেষকৈ শুকান, ভগা, বিভিন্ন ভাঁজ থকা কাঠৰ পৰা বিভিন্ন গঢ় নিৰ্মাণ কৰে।

ইতিপূৰ্বে তেওঁ কেইবা ঠাইতো নিজৰ কাৰুশিল্পৰ প্ৰদৰ্শনী পাতিছে বা প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে। তাৰ ভিতৰত গুৱাহাটীৰ কলাক্ষেত্ৰও আছে। যোৱা ২০১৬ চনত তেওঁ নতুন দিল্লীতো নিজৰ সৃষ্টিৰ একক প্ৰদৰ্শনী আয়োজন কৰিছিল।

শিল্পীজনে কয় যে তেওঁ এইবোৰ কৰি প্ৰকৃতিৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা-ভালপোৱা প্ৰদৰ্শন কৰে। “মই শুকান বা মৰি যোৱা গছবোৰৰ, যিবোৰক বহুত দিন ধৰি বৰষুণত পেলাই থোৱা হয়- ডাল, শিপাবোৰ মন কৰি থাকো। মই বিভিন্ন কোণৰ পৰা এইবোৰ মন কৰো আৰু তাৰ পিছত সেইবোৰক চাঁচি-মাজি নিৰ্দিষ্ট গঢ় দিওঁ। এইটো মোৰ কলা। ই মোক শান্তি দিয়ে আৰু মোৰ চিকিৎসা পেচাটোৰ বৈচিত্ৰ্যহীনতাৰ পৰা ই মোক মুক্তি দিয়ে।” চিকিৎসক-শিল্পী শইকীয়াই কয়।

HirenSaikia_1

আনহাতে তেওঁ নতুন দিল্লীৰ Foyer Gallery ত একক প্ৰদৰ্শনী কৰিবলৈ সুযোগ পোৱাটোক এক বিৰল সন্মান জ্ঞান কৰা বুলি জানিবলৈ দিয়ে।

মন কৰিব লগীয়া কথাটো হ’ল, চিকিৎসকৰ দৰে অতি ব্যস্ত বৃত্তিত থাকিও শইকীয়াই এই শিল্প চৰ্চা অব্যাহত ৰখাটো। তেওঁ নিজৰ চখৰ বাবেই পানীত উটি অহা কাঠ আদি সংগ্ৰহ কৰি ফুৰে। তেওঁ কয় যে তেওঁ এই শুকান কাঠবোৰক এটা কলাত্মক ৰূপ দিয়াৰ বাবে হাতুৰ-বটালি ব্যৱহাৰ নকৰে। তাৰ পৰিৱৰ্তে তেওঁ বিভিন্ন প্ৰকাৰৰ ছুৰী ব্যৱহাৰ কৰে।

নিজৰ মন্তব্যত শিল্পী হীৰেন শইকীয়াই কয় যে তেওঁৰ কামে আনকো প্ৰকৃতিক, বিশেষকৈ গছ-গছনিক সন্মান কৰিবলৈ শিকাব, যিবোৰক আনকি মৃত্যুৰ পিছতো কলাসুলভ কৰিব পৰা যায়।

উল্লেখযোগ্য যে শইকীয়া এজন মানৱদৰদী লোকো, যিজনে প্ৰায় ৫০টা চকু চিকিৎসা শিবিৰত বিনামূলীয়াকৈ চিকিৎসা দান কৰিছে। লগতে এজন অন্ধ যুৱক ৰঞ্জিত বৰাৰ বাবে এখন সংগীত বিদ্যালয়ো খুলি দিছে, যাতে তেওঁ সংগীত শিকাই জীৱিকা আহৰণ কৰিব পাৰে।