NORTHEAST NOW (Assamese)
অসম

নিজৰ বিশেষভাৱে সক্ষম সন্তানক গোৱালপাৰাৰ ৰাস্তাত পেলাই থৈ অহা পাষাণ পিতৃ-মাতৃক গুৱাহাটীত আটক

Posted by: অনিৰ্বাণ পাঠক June 19, 2018 8:27 pm
HandicapedBoy

মানৱতাক ভূলুন্ঠিত কৰি আজি গোৱালপাৰাৰ ৰংজুলিত ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলঙৰ তলত নিজৰ বিশেষভাৱে সক্ষম সন্তানক পেলাই থৈ যোৱা এহাল মাক-দেউতাকক গুৱাহাটীত আটক কৰিবলৈ আৰক্ষী সক্ষম হৈছে।

গোপন সূত্ৰৰ পম খেদি মহানগৰীৰ ঘোঁৰামাৰাৰ পৰা আজি আবেলি বশিষ্ট আৰক্ষীয়ে আটক কৰে শিশুটিৰ পাষাণ পিতৃ-মাতৃক। ধৃত পিতৃ-মাতৃদ্বয়ৰ নাম চিলচাৰ ৰায় আৰু মনো ৰায়।

বশিষ্ট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসে জনোৱা মতে আটকাধীন পিতৃ-মাতৃদ্বয়ৰ আচল ঘৰ বিহাৰত আৰু তেওঁলোকে দীৰ্ঘদিন ধৰি মহানগৰীৰ ঘোঁৰামাৰাত বসবাস কৰি আহিছে। তেওঁলোকৰ সন্তানটো বিশেষভাৱে সক্ষম হোৱাৰ বাবেই মটৰচাইকেলেৰে লৈ গৈ তেনেদৰে পেলাই থৈ অহা বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰা বুলি ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিছে।

উল্লেখযোগ্য যে মঙলবাৰে পুৱা গোৱালপাৰা জিলাৰ ৰংজুলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ধনুভাঙা-দেওশীলা দলঙৰ তলত স্থানীয় লোকে শিশুটিক কান্দি থকা অৱস্থাত দেখা পাই উদ্ধাৰ কৰি ধূপধৰা আৰক্ষীক খবৰ দিয়ে৷ উদ্ধাৰৰ পিছত শিশুটিয়ে কথা ক’ব নোৱাৰে বুলি আৰক্ষী আৰু ৰাইজে জানিব পাৰে।

ধূপধৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জানিবলৈ দিয়ামতে আৰক্ষীয়ে তাৎক্ষণিকভাৱে শিশুটিক গোৱালপাৰাৰ শিশু কল্যাণ কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল। কিন্তু গোৱালপাৰাৰ শিশু কল্যাণ কেন্দ্ৰত বিশেষভাৱে সক্ষম শিশুৰ বাবে ব্যৱস্থা নথকাৰ বাবে শিশুটিক নলবাৰীলৈ স্থানান্তৰ কৰা হয়। সম্প্ৰতি নলবাৰীৰ শিশু কল্যাণ কেন্দ্ৰৰ তত্ত্বাৱধানত আছে দুৰ্ভগীয়া শিশুটি।

ইপিনে, এই ঘটনা সন্দৰ্ভত প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে বশিষ্ট থানাত এক এজাহাৰ দাখিল কৰিছে।