নিতা আম্বানিয়ে সদায় কিয় নিজৰ ঘৰ খালী কৰে?
নিতা আম্বানি ৰিলায়েন্স ফাউণ্ডেচন, ধীৰুভাই আম্বানি ইণ্টাৰনেচনেল স্কুলৰ সঞ্চালিকা আৰু প্ৰতিষ্ঠাপক আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অকাৰ্য্যবাহী সঞ্চালক।
তেওঁ এক অতি আড়ম্বৰ জীৱন যাপন কৰে। তেওঁৰ এদিনৰ খৰচ ৭ কোটি টকা তাৰে ৩ লাখ টকাকৈ খৰচ হয় কেৱল তেওঁৰ বাবে প্ৰস্তুত কৰা চাহত।
সাজ-সজ্জাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰণত মুকেশ আম্বানিৰ লগতে পত্নী নিতায়ো সংবাদ শিৰোনাম দখল কৰি আহিছে।
আম্বানিৰ ঘৰ এণ্টিলিয়া অতি বিলাসবহুল আৰু তাত হেলিপেডৰ পৰা আৰম্ভ কৰি সকলো সা-সুবিধাই আছে।
ঘৰৰ আলপৈচানৰ পৰা আৰম্ভ কৰি বিশ্বৰ আটাইতকৈ উৎকৃষ্ট আহাৰ প্ৰস্তুত কৰালৈকে সকলো কামৰ বাবে এণ্টিলিয়াত প্ৰায় ৬০০ লোকে কাম কৰে।
ঘৰটোত স্বাভাৱিকতেই ছুইমিং পুলো আছে। এণ্টিলিয়াৰ প্ৰতিটো মহলাৰে ডিজাইন ভিন্ন।
নিতা আম্বানিয়ে প্ৰতিদিনে নিজৰ ঘৰ খালী কৰে। ইয়াৰ অৰ্থ হৈছে যি সময়ত নিতাই আম্বানি ব্ৰিজত সাঁতোৰে, আন কাকো সেই মহলাত থাকিবলৈ অনুমতি দিয়া নহয়।