NORTHEAST NOW (Assamese)
অসম

নীলমণি ফুকন আৰু হোমেন বৰগোহাঞিলৈ কুভেম্পু ৰাষ্ট্ৰীয় বঁটা

Posted by: এনই নাও নিউজ April 19, 2018 8:01 am
নীলমণি ফুকন আৰু হোমেন বৰগোহাঞিলৈ কুভেম্পু ৰাষ্ট্ৰীয় বঁটা

স্বনামধন্য কবি নীলমণি ফুকন আৰু বিশিষ্ট সাহিত্যিক, লেখক হোমেন বৰগোহাঞিলৈ কৰ্ণাটকৰ প্ৰসিদ্ধ সাহিত্য সংগঠন ৰাষ্ট্ৰকবি কুভেম্পু প্ৰতিষ্ঠানে ‘কুভেম্পু ৰাষ্ট্ৰীয় বঁটা’ আগবঢ়াইছে।

অহা ২১ এপ্ৰিলৰ সন্ধিয়া ৫ বজাত গুৱাহাটী টাউন ক্লাব প্ৰক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট কবি, সাহিত্যিক দুগৰাকীক এই বঁটা প্ৰদান কৰা হ’ব।

অনুষ্ঠানটোৰ প্ৰতি দ্য নৰ্থ-ইষ্ট ফাউণ্ডেশ্যনে সহযোগিতা আগবঢ়াইছে। নৰ্থ-ইষ্ট ফাউণ্ডেশ্যনৰ সচিব কাডিদাল প্ৰকাশ আৰু সমন্বয়ক চন্দন শৰ্মাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিত জনোৱা মতে কুভেম্পু প্ৰতিষ্ঠানৰ অধ্যক্ষ অধ্যাপক পি নাগৰাজাইয়াৰে উক্ত অনুষ্ঠানত অধ্যক্ষতা কৰিব।

ইয়াৰোপৰি অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক ডা০ ধ্ৰুৱজ্যোতি বৰাই মুখ্য অতিথি আৰু বিশিষ্ট কন্নড় লেখক আগ্ৰহাৰা কৃষ্ণমূৰ্তি, বিশিষ্ট বাংলা লেখক শ্যামল ভট্টাচাৰ্য তথা বিশিষ্ট ঊৰ্দু লেখক মাহেৰ মনছুৰে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব বুলি তেওঁলোকে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে সংগঠনটোৱে ইয়াৰ পূৰ্বে মাৰাঠী সাহিত্যিক শ্যাম মনোহৰ, হিন্দী সাহিত্যিক নামবৰ সিং, মালায়ালম সাহিত্যিক সচ্চিদানন্দন আৰু কন্নড় সাহিত্যিক দেৱানুৰু মহাদেৱক এই বঁটা প্ৰদান কৰিছে।