NORTHEAST NOW (Assamese)

নিৰ্বাচনী সমাবেশত ভাগ লৈ বিজেপিক কঠোৰ সমালোচনা মাণিক সৰকাৰৰ

February 7, 2018 10:10 pm · পান্না ঘোষ
ফাইল ফটো

মুখ্য মন্ত্ৰী মাণিক সৰকাৰে আসন্ন ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত শাষনাধিস্ত বাওঁ মৰ্চাক পুনৰ চৰকাৰ গঠনৰ সুযোগ দিবলৈ আহ্বান জনায়।

বুধবাৰে কৈলাচহৰ আৰু চাণ্ডিপুৰত অনুষ্ঠিত দুখন জন সমাবেশক সম্বোধন কৰি চিপিএমৰ তাৰকা প্ৰচাৰক গৰাকীয়ে এই আহ্বান জনায়।

মন কৰিব লগীয়া যে কৈলাচহৰত সাধাৰণতে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ মূৰব্বী বিৰজিত সিংহই জয়ী হৈ অাহিছে।

বিজেপিক সমালোচনাৰ লক্ষ্য কৰি লৈ মাণিক সৰকাৰে কয় যে তেওঁলোকে ৰাজ্যখনক পুজিঁৰ পৰা বঞ্চিত কৰি আহিছে।

ইয়াৰ উপৰি ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী গৰাকীয়ে বিজেপি তথা আৰএছএছএ ৰাজ্যখনত বিভাজনৰ ৰাজনীতি খেলাৰ চেষ্টা চলাই আহিছে বুলি অভিযোগ তোলে।

উল্লেখযোগ্য যে ত্ৰিপুৰাত আগন্তুক নিৰ্বাচনলৈ কেইটামান দিন বাকি থকা অৱস্থাতে বহু জনগোষ্ঠীয় ভোটাৰে গেৰুৱা দলটোত যোগদান কৰিছে।

নেতাজনে বিজেপি আৰু আৰএছএছএ ইণ্ডিজেনাছ পিপ’লছ ফ্ৰ’ণ্ট অব ত্ৰিপুৰা সৈতে লগ লাগি বিভাজনৰ ৰাজনীতি চলোৱা বুলি অভিযোগ তুলি দলটোক কঠোৰ সমালোচনা কৰে।

 

Related News