NORTHEAST NOW (Assamese)

নৃশংসতাৰ বলি হোৱা পিতৃৰ সপোন পূৰণ কৰিব মেট্ৰিকৰ ডেওনা পাৰ কৰা মোৰাঝাৰৰ শ্বাহনাজে

May 28, 2018 1:44 pm · মিন্টূ দাস
Updated: May 28, 2018 4:14 pm

মেট্ৰিকৰ ডেওনা সফলতাৰে  পাৰ কৰিলে হোজাই জিলাৰ মোৰাঝাৰৰ সাৱাজপুৰৰ শ্বাহনাজ চুলতানাই। ছোৱালীজনীক পঢ়াই-শুনাই ডাঙৰ মানুহ কৰাৰ সপোন আছিল তাইৰ পিতৃৰ।

তাইৰ পিতৃ আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী, সৰু এখন দোকান দি পৰিয়াল পোহ-পাল দিয়া দেউতাকে এমা ডিমা চাৰিটা সন্তানৰ  তিনিজনী ছোৱালীক  ভৰ্তি কৰাই দিছিল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত, যাতে  উচ্চ শিক্ষা লৈ ডাঙৰ মানুহ হৈ সমাজৰ লগতে নিজৰ পৰিয়ালৰ সেৱা আগবঢ়ায়।

এটি এবছৰীয়া ল’ৰা সহ ৬ জনীয়া পৰিয়ালটিৰ মাজলৈ ঘোৰ অমানিশা নামি আহে ২০১৬ চনৰ ১৩ মাৰ্চৰ নিশা। সেই নিশা তাইৰ পিতৃ মোৰাঝাৰ থানাৰ অন্তৰ্গত সাৱাজপুৰ গাঁ‌ৱৰ লায়েক উদ্দিনক কেইটিমান মানুহৰূপী পাষণ্ডই মৰিয়াই মৰিয়াই নৃশংসভাবে  হত্যা কৰে। মূহুৰ্ততে পৰিয়ালটিলৈ নামি আহে কাল ধুমুহা।

পৰিয়ালৰ একমাত্ৰ উপাৰ্জন কাৰী পিতৃৰ অস্বাভাৱিক মৃত্যুত ভাগি পৰে পৰিয়ালটি। চাৰি ভাই ভনীৰ ভিতৰতে তাই আছিল সকলোতকৈ ডাঙৰ । আৰ্থিক দৈন্যতা নেওচি তাই মানসিকভাবে ভাগি পৰা নাছিল। পিতৃৰ সপোন বাস্তৱায়িত কৰাৰ উদ্দেশ্য আগত ৰাখি একাণপতীয়া ভাৱে তাই  চলাই গৈছিল অধ্যয়ন।

তাই পঢ়া মোৰাঝাৰৰ জ্ঞানদ্বীপ একাডেমিৰ শিক্ষক-শিক্ষয়িত্ৰীৰ আৰু মাকৰ  বাহিৰে অন্য কাৰো সহায় নোলোৱাকৈ এইবাৰ  ৮৪ শতাংশ নম্বৰ লাভ কৰি মেট্ৰিকৰ দেওনা পাৰ কৰিলে। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তাই অসমীয়াত ৮৩, ইংৰাজীত ৭৬, অংকত ৯০,  সাধাৰন বিজ্ঞানত ৮৫, সমাজ বিজ্ঞানত ৮৪ আৰু ঐচ্ছিক বিষয়ত ৮১ নম্বৰ লাভ কৰে ৷

কিন্তু আজি তাইৰ ভাল ৰিজাল্ট চাই উৎফুল্ল হ’বলৈ ইহ সংসাৰত নাই তাইৰ পিতৃ। পিতৃৰ সপোন পূৰণ কৰিব তাই উচ্চ শিক্ষিত হ’ব। কিন্ত তাইক এটি মাথোঁ‌ চিন্তাই খেদি ফুৰে। নিৰীহ পিতৃৰ হত্যাকাৰী কেইটাই  শাস্তি পাবনে? নে আইনী সুৰুঙাৰে সেই মানৱৰূপী দানৱ কেইটা বাচি যাব।

হত্যাকাৰীকেইটাক সমাজৰ কিছু মুধাফুটা ব্যক্তিয়ে পাকে-প্ৰকাৰে সহায় কৰি থকা দেখি তাইৰ কলিজা কঁ‌পি উঠে। ভৱিষ্যতে হোজাইৰ মৰিয়ম আজমল চাইন্স এণ্ড টেকন’লজি ৱমেন কলেজত পঢ়াৰ সপোন পুহি ৰাখিছে মনত ৷ কিন্তু দাৰিদ্ৰতাৰ লগত যুঁ‌জি তাই তাইৰ সপোন কিমান দূৰ পূৰণ কৰিব পাৰিব সেয়াও আজিৰ দিনত আন এক ডাঙৰ প্ৰশ্ন ৷

পিতৃহীন এই ছাত্ৰীগৰাকীৰ ফলাফলক লৈ গৌৰাম্বাৱিত তাই পঢ়া স্কুলৰ শিক্ষক শিক্ষয়ত্ৰীৰ লগতে সমগ্ৰ মোৰাঝাৰবাসী ৷ শনিবাৰে ‘যুৱ সমাজ’ নীলবাগানৰ সদস্যসকল ছাত্ৰীগৰাকীৰ ঘৰত উপস্থিত হৈ ছাত্ৰীগৰাকীক সম্বৰ্ধনা জনায় ৷

আনহাতে, ১৯৭৬ চনত স্থাপিত কপাহবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ আশাজনক ফলাফলে অতি ভিতৰুৱা অঞ্চলখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিদ্যালয়খনৰ ছাত্ৰী আম্বিয়া বেগমে ৭৯ শতাংশ নম্বৰ লাভ কৰি মেট্ৰিকৰ ডেওনা পাৰ কৰাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী উৎফুল্লিত হৈ পৰিছে।

Related News