NORTHEAST NOW (Assamese)
মেঘালয়

নেশ্যনেল পীপলছ পার্টিত যোগ দিব মেঘালয়ৰ আঠগৰাকী বিধায়কে

Posted by: এন ই নাও নিউজ December 28, 2017 11:50 am

মেঘালয়ৰ আসন্ন বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত আন এক ৰাজনৈতিক ঘটনাক্ৰম অনুসৰি আঠগৰাকী বিধায়কে অহা ৪ জানুৱাৰীত নেশ্যনেল পীপলছ পাৰ্টি (এনপিপি)ত যোগদান কৰাৰ সম্ভাৱনা আছে। ইয়াৰে ভিতৰত কংগ্ৰেছ বিধায়কৰ সংখ্যাই অধিক।

শ্বিলঙত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি কালি এনপিপিৰ মেঘালয় গোটৰ সভাপতি ডব্লিউ আৰ খাৰলুখিয়ে কয় যে বৰ্তমান ক্ষমতাত থকা বিধায়ক কেইগৰাকীয়ে অলপতে পল’ গ্ৰাউণ্ডত হ’বলগীয়া এখন ৰাজহুৱা সমাৱেশত দলত যোগদান কৰিব।

যোগদান কৰিবলগীয়া বিধায়ক কেইগৰাকী হ’ল: নাৰিটয়াং সমষ্টিৰ ছিয়াওভালাং ধৰ, ৰেলিয়াঙৰ কমিংগনে য়ামবন, ছুটংগা ছাইপুঙৰ হ’পফুল বেমন, আমলেৰানৰ ষ্টেফেনছন মুখিম, পাইনুৰছুলাৰ প্ৰেছট’ন টাইনছং, মাউকিনৰিউৰ ৰেমিংটন পাইনগ্ৰ’প, মাৱাকাইৰৱাটৰ ৰোৱেল লিংডো আৰু উমৰই সমষ্টিৰ বিধায়ক এনগেইটলেং ধৰ।

‘’আমি সমাৱেশখনত প্ৰায় ১০,০০০ লোকৰ উপস্থিতি আশা কৰিছো,’’- খাৰলুখিয়ে কয়।

ইয়াৰ মাজতে এনপিপিয়েও দক্ষিণ  শ্বিলঙৰ পৰা সৌন্দৰ কাজীক ইয়াৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ লগতে উত্তৰ ছিলঙৰ পৰা এৰুইন ছুটংগাৰ নাম চূড়ান্ত কৰিছে।

খাৰলুখিয়ে কয় যে প্ৰাৰ্থী নিৰ্বাচন কৰোতে তেওঁলোকৰ বিজয়ৰ সম্ভাৱনাৰ দিশটো বিবেচনা কৰা হ’ব। তেওঁ লগতে ব্যক্ত কৰে যে এনপিপিয়ে ইয়াৰ শক্তিশালী ভিত্তি থকা গাৰো পাহাৰৰ বাহিৰেও ৰাজধানী চহৰ ছিলঙতো ভাল প্ৰদৰ্শন আগবঢ়াব।

বুধবাৰে ৰিভই জিলাৰ দুজন কংগ্ৰেছৰ যুৱ নেতা পাইনডেপলেং ৱাহলেং আৰু এলফ্ৰেড মালাই  এনপিপিত যোগ দি দলৰ শক্তি বৃদ্ধি কৰিছে। খাৰখুলিয়ে লগতে দলে অহা নিৰ্বাচনত কমেও ৫০ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি ব্যক্ত কৰিছে।

তেওঁ লগতে কয় যে দলে ইয়াৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকাখন অহা জানুৱাৰীৰ মাজভাগত প্ৰকাশ কৰিব।

মেঘালয় বিধানসভাৰ কাৰ্যকাল আগন্তুক ২০১৮ ৰ ৬ মাৰ্চত অন্ত পৰিব আৰু  অহা ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব।