NORTHEAST NOW (Assamese)
অসম

নেতাজী ১২২ সংখ্যক জন্মদিনত ৰাজ্যৰ তিনিজনলৈ নেতাজী গৰিমা বঁটা

January 23, 2018 9:56 pm

নেতাজী সুভাষচন্দ্ৰ বসুৱে দেশৰ ডেকা শক্তিৰ ওপৰত অগাধ বিশ্বাস কৰিছিল। এই মন্তব্য ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোলাৱৰ। আজি মহানগৰীৰ পল্টন বজাৰৰ নেতাজী চকত সকৌ অসম নেতাজী সুভাষ চন্দ্ৰ বসু জন্মদিন উদযাপন সমিতিৰ উদ্যোগত দেশৰ স্বাধীনতাযুঁজৰ উল্লেখযোগ্য নেতাজনৰ ১২২ সংখ্যক জন্মদিন উপলক্ষে পতা অনুষ্ঠানত উপস্থিত থাকি মুখ্য মন্ত্ৰীজনে এই মন্তব্য কৰে। আজিৰ এই অনুষ্ঠানটোতে মুখ্য মন্ত্ৰীয়ে সত্ৰীয়া সংস্কৃতিৰ অন্যতম সাধক ড০ মল্লিকা কন্দলী, যুৱ বক্সাৰ অংকুশিতা বড়ো, এডিজিপি এল আৰ বিষ্ণয়ক নেতাজী গৰিমা বঁটা প্ৰদান কৰে।

বঁটা প্ৰদান অনুষ্ঠানটোত নিজৰ বক্তব্যত সোণোৱালে নেতাজীক আমাৰ দেশৰ সোণালী ইতিহাসৰ এগৰাকী শক্তিশালী নেতা বুলি উল্লেখ কৰে। ‘ভাৰতীয় সভ্যতা, সংস্কৃতি আৰু ঐতিহ্য ৰক্ষাৰ বাবে নেতাজী সুভাষ চন্দ্ৰ বসুৱে বলিষ্ঠভাৱে আৰু নিৰ্ভীকতাৰে স্বাধীনতা আন্দোলনত নেতৃত্ব দিছিল। ভাৰতীয় জনগণক ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে উৎসাহিত কৰিছিল।’ এইদৰে কয় মুখ্য মন্ত্ৰীজনে।

তেওঁ কয় যে বিশ্বৰ বুকুত ভাৰতক সুকীয়া মৰ্য্যাদা প্ৰদান কৰা এইগৰাকী মহান দেশপ্ৰেমীৰ আদৰ্শেৰে আমাৰ মাজত ভাতৃত্ববোধ, বন্ধুত্ব আৰু সমন্বয়ৰ বান্ধোন অধিক সুদৃঢ় কৰিব লাগিব। তেওঁ লগতে কয় যে নেতাজীৰ আদৰ্শ আৰু ব্যক্তিত্বৰ বিষয়ে নতুন প্ৰজন্মই উমান পোৱাৰ পৰিৱেশ নিৰ্মাণ কৰিব লাগিব।

উল্লেখযোগ্য যে আজিৰ সভাখনত মুখ্য মন্ত্ৰীৰ উপৰি সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, বিধায়ক প্ৰশান্ত ফুকন, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শইকীয়া, বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মাকে ধৰি ভালেমান গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।