NORTHEAST NOW (Assamese)
নেপাল

নেপালস্থিত ভাৰতীয় দূতাৱাসৰ সমীপত সংঘটিত আক্ৰমণৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ দিল্লীত

Posted by: এন ই নাও নিউজ May 3, 2018 4:30 pm
IED-blast-570x320

কলকাতা আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চে এপ্ৰিল মাহত নেপালস্থিত ভাৰতীয় দূতাৱাসৰ সমীপত এটা ক্ষুদ্ৰ প্ৰাৱল্যৰ বিস্ফোৰণ ঘটোৱা ঘটনাৰ মাষ্টাৰমাইণ্ডজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

নেপালৰ মোৰাঙৰ বাসিন্দা ৬০ বছৰীয়া সুৰেশ কুমাৰ ওৰফে সাগৰ ৰাই নামৰ ব্যক্তিজনক কলকাতা স্পেচিয়েল টাস্ক ফৰ্চে দিল্লীত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষী সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, ৰাই হৈছে চি পি আই-এম এল (বিপ্লৱ গোট)ৰ জিলা সম্পাদক আৰু তেৱেঁই নেপালৰ ভাৰতীয় দূতাৱাসত সংঘটিত কৰা আক্ৰমণৰ পৰিকল্পনা কৰিছিল।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে, নেপালৰ উদ্যোগ নগৰী বিৰাট নগৰত অৱস্থিত ভাৰতীয় দূতাৱাসৰ সমীপত প্ৰেছাৰ কুকাৰ বোমা বিস্ফেৰিত কৰি দূতাৱাসৰ বিষয়াবৰ্গক ভাবুকি প্ৰদান কৰিছিল।

তেওঁৰ সহযোগীসকল আৰক্ষীৰ হাতত ধৰা পৰিছিল আৰু সুৰেশ কুমাৰ ভাৰতলৈ পলাই আহিবলৈ সক্ষম হৈছিল আৰু দিল্লীত বাহৰ পাতি আছিল বুলি আৰক্ষী সূত্ৰটোত কোৱা হৈছে।

স্পেচিয়েল টাস্ক ফৰ্চৰ এগৰাকী শীৰ্ষস্থানীয় বিষয়াই প্ৰকাশ কৰা মতে ৰাইৰ সংগঠনটোৱে নেপালস্থিত ভাৰতীয় প্ৰতিষ্ঠানসমূহত কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল।

তাৎপৰ্যপূৰ্ণভাৱে কেইদিন মান পূৰ্বে প্ৰধান মন্ত্ৰীয়ে ভ্ৰমণ কৰাৰ সম্ভৱনা থকা নেপালৰ এটা বান্ধৰ কাষতো কম প্ৰাৱল্যৰ বোমা এটা বিস্ফোৰণ ঘটোৱা হৈছিল।