NORTHEAST NOW (Assamese)
অসম

নেপালৰ কাঠমাণ্ডুৰ চতুৰ্খ সংখ্যক ছাত্ৰ অলিম্পিকলৈ ওদালগুৰি জিলাৰ ১৭ অনূৰ্ধ্বৰ ১৪, ২২ অনূৰ্ধ্বৰ ৬ গৰাকী খেলুৱৈ নিৰ্বাচিত

Posted by: ছাজিদ খান April 1, 2018 10:30 pm
Football match

ওদালগুৰি জিলাৰ ইউ-১৭ৰ ১৪ জন যুৱক আৰু ইউ২২ৰ ৬ জন যুৱকে কাঠমাণ্ডুৰ ত্ৰিভূৱন বিশ্ববিদ্যালয়ৰ খেলপথাৰত আয়োজতি হ’ব লগীয়া চুতুৰ্থ সংখ্যক অলিম্পিকৰ ফুটবল খেলত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰিব। উল্লেখযোগ্য এই প্ৰতিযোগিতাখনি ২ এপ্ৰিলৰ পৰা ৫ এপ্ৰিললৈকে অনুষ্ঠিত হ’ব।

এই কথা দেওবাৰে নৰ্থ ইষ্ট নাওৰ সাংবাদিকক ভাৰতীয় ছাত্ৰ অলিম্পিক সংস্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ ভৰদ্বাজে ফোনযোগে জনায়।

অসমৰ দলটোৰ এজন বিভাগীয় বিষয়াই জনোৱা মতে ১৭ বছৰ অনূৰ্ধ্বৰ ফুটবল দলটোৰ ১৪ গৰাকী খেলুৱৈ ওদালগুৰি জিলাৰ পৰা নিৰ্বাচিত হৈছে। নিৰ্বাচিত খেলুৱৈ কেইজন হ’ল নেপ’লিয়ন এন দৈমাৰী, উত্তম বড়ো, ফিলাও বড়ো, আশিক বড়ো, গোপিনাথ ৰাভা, বিকি বাগলাৰি, অভিজিৎ বসুমতাৰী, প্ৰমোদ কুমাৰ দৈমাৰী, প্ৰেয়াৰজিৎ বসুমতাৰী, প্ৰেমানুশ টপ্প, ইমানুৱেল দৈমাৰী, ইছমাইল দৈমাৰী আৰু প্ৰভূধন ওৰাং।

আনহাতে ২২ বছৰ অনূর্ধ্বৰ ফুটবল দলটোৰ খেলুৱৈ কেইজন হ’ল ক্ৰমে ৰাহুল দৈমাৰী, দিপাল বস, কুনাল নাৰ্জাৰী, প্ৰাঞ্জিত বসুমতাৰী, এন্দ্ৰিয় দৈমাৰী আৰু বনিফেচ বসুমতাৰী নিৰ্বাচিত হৈছে। লগতে এই দলটোত অংশ গ্ৰহণ কৰিব লগীয়া আনকেইজন খেলুৱৈ হ’ল ক্ৰমে হাৰিয়ানাৰ অক্সয় কুমাৰ আৰু ৰনবিৰ চাহাল, গুজৰাটৰ বিপীন পেটেল, দিল্লীৰ ৰাজেশ চৌধুৰী, মহাৰাষ্ট্ৰৰ ৰিটেশ সিন্ধি আৰু ঋতিক পাটিল, মধ্য প্ৰদেশৰ মনদ্বিপ পাৰ্কি, ত্ৰিপুৰাৰ ডি এছ দেৱ বৰ্মন আৰু মণিপুৰৰ এন নিলঞ্জয় সিং।

উল্লেখযোগ্য যে কাঠমাণ্ড়ুৰ চতুৰ্থ সংখ্যক ছাত্ৰ অলিম্পিকত ৭ খন দেশে অংশ গ্ৰহণ কৰিব। নেপাল, ভাৰত, বাংলাদেশ, ভূটান, শ্ৰীলংকা, পাকিস্তান আদি দেশৰ খেলুৱৈ এই অলম্পিকত অংশ গ্ৰহণ কৰিব। এই অলিম্পিকত ভলীবল, ফুটবল, আৰ্চাৰী আদি খেল হ’ব।