NORTHEAST NOW (Assamese)
অসম

নৰেন্দ্ৰ মোদীৰ ভিডিঅ’ কনফাৰেন্সলৈ গৈ সন্ধানহীন হোৱা মহিলাৰ মৃতদেহ উদ্ধাৰ

Posted by: এন ই নাও নিউজ July 15, 2018 8:40 pm
মৃতদেহ

পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ থানাৰ অন্তৰ্গত লংয়েপীত আজি এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়।

মৃতদেহটোৰ ডিঙি আৰু হাতত চোকা অস্ত্ৰৰ আঘাত থকাৰ লগতে মৃতদেহটো লংয়েপি গাঁৱৰ নিৱাসী হাৰমন ৰংপিৰ পত্নী আৰ্লিছ তেৰনপি বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে ১৩ জুলাইৰ দিনা নৰেন্দ্ৰ মোদী আৰু মোদী আৰু আত্মসহায়ক গোটৰ মাজত হোৱা ভিডিঅ’ কনফাৰেন্সলৈ যোৱাৰ পিছৰে পৰা মহিলা গৰাকী সন্ধানহীন হৈ আছিল।

ইফালে আজি নিজ গৃহৰ পৰা প্ৰায় ৩ কিলোমিটাৰ নিলগত পথৰ দাঁতিত এনেদৰে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও মহিলাগৰাকীক কোনো কিয় এনেদৰে হত্যা কৰিলে সেয়া জানিব পৰা নাই। আৰক্ষীৰ তদন্ততহে এই কথা পোহৰলৈ আহিব।