NORTHEAST NOW (Assamese)
অসম

নৰ্থ ইষ্ট নাওৰ আছুতীয়া | অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষই অসমৰ বুলি লগালে ইউ এছ ভাৰ্জিন আইল্যাণ্ড আৰু মুন্নাৰ চাহ বাগিচাৰ ফটো

Posted by: এন ই নাও নিউজ January 21, 2018 4:19 pm

অসম পৰ্যটন উন্নয়ন নিগমৰ (এটিডিচি) অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই কেৰিৱিয়ান সাগৰৰ ইউ এছ ভাৰ্জিন আইল্যাণ্ডৰ চেন্ট থমাচ আইল্যাণ্ডৰ ফটো ডিমা হাচাওৰ হাফলং বুলি আৰু কেৰালাৰ মুন্নাৰ চাহ বাগিচাৰ ফটো অসমৰ চাহ বাগিচাৰ ফটো হিচাপে প’ষ্ট কৰি সমালোচনাৰ সন্মুখীন হৈছে।

তেওঁৰ চৰকাৰী টুইটাৰৰ পৃষ্ঠাত এৱেছম আছামৰ লগ’ৰ সৈতে এই ভুল  ছবি তেওঁ সংলগ্ন কৰিছে। এই প’ষ্টটোৱে ছচিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বহুতেই এই মাৰাত্মক ভুলটো আঙুলিয়াই দিছে। ইয়াৰ পিছতেই তেওঁ ফটো দুখন তেওঁৰ একাউন্টৰ পৰা উঠাই দিয়ে।

এই একাউন্টত এনেধৰণে ভুল ছবি সংলগ্ন কৰা এইটোৱে প্ৰথম ঘটনা নহয়। একাউন্টটোত কেতিয়াবা ভুল ইংৰাজীৰে তথ্য বা বাণী কিছুমান সন্নিৱিষ্ট কৰা হয় যাৰ অৰ্থ কেতিয়াবা অনৰ্থ হৈ পৰে।

অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ পদত থকা তেওঁৰ এনেধৰণৰ ভুলেৰে ভৰা চৰকাৰী একাউন্টটো চাই আচৰিত হোৱাৰ বাহিৰে গত্যন্তৰ নাই।

জয়ন্তমল্ল বৰুৱা বৰ্তমান ৰাজ্যখনৰ এগৰাকী উল্লেখযোগ্য ৰাজনীতিক। পূৰ্বতে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত আছিল কিন্তু ২০১৫ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিলৈ ঢাপলি মেলে।

তেওঁ নলবাৰী বিধানসভাক প্ৰতিনিধিত্ব কৰে। বৰ্তমান তেওঁ অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ হিচাপে নিযুক্ত হৈ আছে।

অসম পৰ্যটন উন্নয়ন নিগম অসমৰ ৰাজ্যিক পৰ্যায়ৰ এটা নিগম। এই সংস্থাটোৱে পৰ্যটন সঞ্চালকালয়ৰ সৈতে অসম পৰ্যটন বিভাগৰ অংশ হিচাপে পৰ্যটন সেৱা তথা বিকাশৰ কাম-কাজ তদাৰক কৰে।