NORTHEAST NOW (Assamese)
অসম

নৰ্থ-ইষ্ট নাওৰ বাতৰি পঢ়ি শুভাকাংক্ষীৰে উপচি পৰিল জোনমণি পায়েঙৰ ঘৰ

Posted by: মিটু খাটনিয়াৰ May 27, 2018 2:34 pm

নিজেই নাঙলৰ মুঠিত ধৰি খেতিখোলাত পৰিয়ালটোক সহায় কৰিও পঢ়া-শুনাৰ সংগ্ৰাম অব্যাহত ৰখাৰ লগতে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে পাৰ হোৱা মাজুলীৰ জোনমণি পায়েঙৰ বাতৰি নৰ্থ-ইষ্ট নাওত প্ৰকাশ হোৱাৰ পিছত শুভাকাংক্ষীৰে উপচি পৰিছে তেওঁলোকৰ চাংঘৰ। কঠোৰ সংগ্ৰামৰ মাজেৰে মেট্ৰিক উত্তীৰ্ণ হোৱা ছাত্ৰীগৰাকীক একাঁজলি আশীৰ্বাদ, মৰম, শুভেচ্ছা যাঁচিবলৈ আহিছে বিভিন্নজন।

বহুতৰে মেট্ৰিকৰ ফলাফল ‘খুব ভাল’ নোহোৱাক লৈ ঘৰে ঘৰে অসন্তুষ্টি হোৱাৰ পৰত জোনমনিৰ ‘সাধাৰণ’ ফলাফলে পৰিয়ালটোৰ লগতে সকলোকে সুখী কৰিছে।

‘পৰীক্ষাটোনো কি কথা জীৱনটোহে ঘাই। আখৰ নিচিনাৰ জীয়েক হৈ তাই পাছ যে কৰিলে, অংক নুবুজাৰ জীয়েক হৈ নম্বৰ যে গোটালে, সেয়াই দেউতাকৰ বাবে ঢেৰ’ জোনমণিৰ ফলাফলক লৈ হাজিৰা কৰি পৰিয়াল চলোৱা দেউতাকৰ সুখানুভূতি।

দেউতাকৰ উপদেশ জোনমণিক ‘বৰ মানুহ হ’ব নালাগে— ভাল মানুহ হ’বি, যি জান, যি বুজ মানুহক ভালকৈ ক’বি, যিকণ আছে মাটি তাতেই খেতি কৰিবি। সৰহ নম্বৰ নোপোৱাৰ বাবে দুখ নকৰিবি।
মাটিৰ মানুহ মাটিতে থাকিবি।’

আনহাতে ‘সাধাৰণভাৱে’ উত্তীৰ্ণ জোনমণিৰ ‘খবৰটো’ গুৰুত্ব সহকাৰে উলিওৱাত নৰ্থ ইষ্ট নাওক ধন্যবাদ জনাইছে পৰিয়ালটোৰ লগতে মাজুলীবাসীয়ে।

উল্লেখযোগ্য যে নৰ্থ ইষ্ট নাও-এ বিশেষ গুৰুত্বৰে প্ৰকাশ কৰা বাতৰিটো ৰাইজে আদৰি লৈ বিভিন্নজনে তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।